Breaking

মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হল আৰ্য়ান খানৰ

0 15

বিশিষ্ট অধিবক্তা মুকুল ৰোহতগী। উল্লেখ্য যে ২ আৰু ৩ অক্টোবৰৰ মাজনিশা মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন বিলাসী জাহাজত অভিযান চলাইছিল NCBয়ে। অভিযান কালত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আটক হৈছিল অভিনেতা শ্বাহৰুখ খানৰ পুত্র আৰ্য়ান খান। লগতে আটক হৈছিল আৰবাজ মাৰ্চেন্ট আৰু মুনমুন ধামোচাক। আটক হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আৰ্য়ানক। Bombay sessions court আৰ্য়ানৰ হৈ পক্ষ ৰাখিছিল অধিবক্তা সতীশ মানসিন্ধেই। কিন্তু চেচন কোৰ্টে জামিন আবেদন খাৰিজ কৰিছিল আৰ্য়ানৰ। তাৰ পিছতে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্বাহৰুখ খানৰ পৰিয়াল। জামিন খাৰিজ কৰাবলৈ NCB য়ে যথেষ্ট কষ্ট কৰিছিল যদিও অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হল আৰ্য়ানৰ। চৰ্ত সাপেক্ষে আৰ্য়ানৰ জামিন মঞ্জুৰ কৰিলে বোম্বাই উচ্চ ন্যায়ালয়ে। গোচৰ চলি থকা অৱস্থাত বিদেশ ভ্রমণলৈ যাব নোৱাৰিব আৰ্য়ান খান। সাক্ষীক প্ৰতাৰিত কৰিব নোৱাৰিব। পাচপোৰ্ট জমা দিবলৈ নিৰ্দেশ আৰ্য়ান খানক।
সুদীর্ঘ প্রায় ২৬ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তি হোৱাৰ সুযোগ লাভ কৰিলে আৰ্য়ান খানে। আদালতৰ ৰায়ৰ নথিপত্ৰ সময়মতে কাৰাগাৰ পক্ষই লাভ কৰিলে শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিব আৰ্য়ান খান। অন্যথা শনিবাৰে মুক্তি লাভ কৰিব শ্বাহৰুখ খানৰ পুত্র আৰ্য়ান খানে।আনকি বোম্বাই উচ্চ ন্যায়ালয়ে ড্ৰাগছ-অন-ক্ৰুজ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক জামিন প্ৰদান কৰাৰ পিছতো, তেওঁৰ অধিবক্তাসকলে কাৰাগাৰৰ পৰা মুক্তি ৰখাৰ দিশত পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে উচ্চ ন্যায়ালয়ৰ অপাৰেটিভ আদেশ নোপোৱালৈকে অপেক্ষা কৰিব লাগিব।

Leave A Reply