৩৮ সংখ্যক চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ নিৰ্বাচিত নাহৰকটীয়া বেডমিণ্টন সন্থাৰ প্ৰশিক্ষাৰ্থী ৰাজভি ৰিচা গগৈ

নাহৰকটীয়াৰ ক্ৰীড়া জগতলৈ আহিল এক গৌৰৱোজ্জ্বল খবৰ। ৩৮ সংখ্যক চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে নাহৰকটীয়া বেডমিণ্টন সন্থাৰ প্ৰশিক্ষাৰ্থী ৰাজভি ৰিচা গগৈ।১৫ বছৰ অনুৰ্ধ্বৰ অসম বেডমিণ্টন দলত স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে উদীয়মান খেলুৱৈগৰাকীয়ে। এই সাফল্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে নাহৰকটীয়া বেডমিণ্টন সন্থাৰ বিষয়ববীয়া, প্ৰশিক্ষক তথা ক্ৰীড়াপ্ৰেমীসকলক।উল্লেখযোগ্য যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুবছৰ পূৰ্বে উদ্বোধন কৰা নাহৰকটীয়া বেডমিণ্টন ষ্টেডিয়ামত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ৰাজভি ৰিচাই। বিগত এবছৰ ধৰি সন্থাৰ মুখ্য প্ৰশিক্ষক হিৰক জ্যোতি নেওগৰ তত্ত্বাৱধানত বেডমিণ্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে খেলুৱৈগৰাকীয়ে।অহা ৩০ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে বাংগালুৰুত অনুষ্ঠিত হ’ব ৩৮ সংখ্যক চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাজভি ৰিচা গগৈয়ে।বৰহাট নিবাসী জিতুল গগৈ আৰু স্মিতা গগৈৰ কন্যা ৰাজভি ৰিচা বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰী।পঢ়া-শুনাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে কিশোৰীগৰাকীয়ে।
ইফালে, খেলুৱৈসকলৰ বাবে এনে উন্নত মানৰ ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰে ৰাজভি ৰিচা গগৈয়ে।ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ উজলি উঠাৰ লক্ষ্যৰে সাজু হোৱা ৰাজভি ৰিচাৰ এই সাফল্যই নাহৰকটীয়াৰ আন উদীয়মান খেলুৱৈসকলকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰীড়াপ্ৰেমীসকলে।

Related Articles