ৰাজনীতি আৰু সীমান্তৰ মৰণফান্দ: ‘সাত ভনী’ৰ নামত আৰু কিমান নিৰীহৰ তেজেৰে ৰাঙলী হ’ব অসমৰ মাটি?
কেতিয়া অন্ত পৰিব অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ এই ৰক্তাক্ত সীমা বিবাদ? আৰু কিমান নিৰীহ অসমীয়াৰ ওপৰত গুলী চলিব? কিমান মাতৃৰ বুকু উদং হ’লে, কিমান মহিলাৰ সেন্দুৰ মচা গ’লে টোপনি পৰা সাৰ পাব ৰজাঘৰীয়া? সীমান্তৰ অসহায়, খাটিখোৱা ৰাইজৰ জীৱনৰ সঁচাকৈয়ে কোনো মূল্য নাই নেকি? নে তেঁওলোক কেৱল একো একোটা নিৰ্বাচনী সংখ্যা? নিজৰ ভেটি ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুওৱাৰ এই মৰ্মান্তিক অধ্যায়ৰ পৰা মুক্তি পোৱাৰ অধিকাৰ সীমান্তবাসীৰ নাই নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন।
উত্তৰ-পূৰ্বাঞ্চলক আৱেগিকভাৱে ‘সাত ভনী’ বুলি কোৱা হয়। কিন্তু আজি সীমান্তৰ ভয়ংকৰ পৰিস্থিতিলৈ চালে প্ৰশ্ন হয়— এইয়া কেনে ভাতৃত্ববোধ? কেনে ধৰণৰ ভনীৰ সম্পৰ্ক এয়া? য’ত একেটা পৰিয়ালৰ বুলি কোৱা এটা পক্ষই আনটো পক্ষৰ বুকুলৈ লক্ষ্য কৰি নিৰন্তৰ গুলী চলাই থাকে? মাটি দখল কৰি থাকে, সংৰক্ষিত বনাঞ্চল দখল কৰি গছ-গছনি কাটি তহিলং কৰে। বাট-পথ উন্নয়ন কৰিবলৈ আহিলেই হাতে হাতে বন্দুক-দালৈ ওলাই আহে। কেৱল কিতাপৰ পাতত বা ভাষণৰ মঞ্চত ‘সাত ভনী’ বুলি শ্লোগান দিয়াটো কিমান দূৰ যুক্তিসংগত, যেতিয়া বাস্তৱত নিজৰ তুচ্ছ স্বাৰ্থ আৰু মাটি দখলৰ বাবে চুবুৰীয়া ৰাজ্যসমূহে অসমৰ ওপৰত বাৰে বাৰে বৰ্বৰ আক্ৰমণ চলাই আহিছে? এইয়া সাত ভনীৰ চেনেহৰ সম্পৰ্ক নহয়, বৰঞ্চ অসমক চাৰিওফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ।
কেতিয়াবা নাগালেণ্ড, কেতিয়াবা অৰুণাচল, কেতিয়াবা মেঘালয় নতুবা মিজোৰাম— চাৰিওফালৰ পৰা কেৱল অসমৰ মাটিক গ্ৰাস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ দীৰ্ঘদিনৰে পৰা অব্যাহত আছে। অসমৰ মাটিক নিজৰ বুলি দাবী কৰাটো চুবুৰীয়া ৰাজ্যসমূহৰ একাংশ দুৰ্বৃত্তৰ অভ্যাসত পৰিণত হৈছে। আৰু আটাইতকৈ লজ্জাজনক কথাটো হ’ল, যেতিয়াই অসমৰ থলুৱা ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ যায়, উভতি ধৰিবলৈ যায়, তেতিয়াই বুকুলৈ লক্ষ্য কৰি আহে চুবুৰীয়াৰ গুলী! তাৰ বিপৰীতে আমাৰ চৰকাৰে কেৱল ‘শান্তি আলোচনা’ আৰু ‘আশ্বাস’ৰ পোহাৰ মেলে। ৰাজধানী দিল্লীত বহি ‘বুজাবুজিৰ চুক্তি’ (MoU) স্বাক্ষৰ কৰা হয়, পিঠিত থপথপাই ফটো তোলা হয়, কিন্তু বাস্তৱত সেইবোৰ কেৱল ফুটুকাৰ ফেন বুলি প্ৰমাণিত হৈছে। চুক্তিৰ চিয়াহী নুশুকাওতেই আকৌ সীমান্তত বন্দুকৰ গুলী ফুটে, আকৌ তেজৰ নদী বয়! মৰে আকৌ খাটিখোৱা অসমীয়া।
চৰকাৰী আৰু বেচৰকাৰী তথ্য অনুসৰি, ১৯৭৯ চনৰ পৰা এতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্ত আৰু সশস্ত্ৰ বাহিনীৰ আক্ৰমণত ১৫৭ জনতকৈও অধিক নিৰীহ অসমীয়া আৰু নিৰাপত্তা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। হাজাৰ হাজাৰ লোক গৃহহীন হৈ আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। আৰু কিমান সহ্য কৰিব লাগিব আমি?
নাগালেণ্ড সীমান্ত: গণহত্যা আৰু উচ্ছেদৰ ক’লা অধ্যায়
১. ১৯৮৫ চনৰ মেৰাপানী কাণ্ড: অসম-নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীত নগা সশস্ত্ৰ বাহিনী আৰু আৰক্ষীৰ ভয়ংকৰ আক্ৰমণত অসম আৰক্ষীৰ ২৮ জন জোৱানসহ প্ৰায় ৪১ জন লোক নিহত হৈছিল। সমগ্ৰ মেৰাপানী বজাৰ আৰু কেইবাখনো গাঁও জ্বলাই ছাৰখাৰ কৰা হৈছিল, যাৰ ফলত ২৭,০০০ লোক গৃহহীন হৈছিল।
২. ২০১৪ চনৰ উৰিয়ামঘাট কাণ্ড: গোলাঘাট জিলাৰ উৰিয়ামঘাটত নগা দুৰ্বৃত্তৰ উপদ্ৰৱ আৰু গুলীচালনাত ৯ জনতকৈ অধিক নিৰীহ চাহ জনজাতি আৰু টাই আহোম সম্প্ৰদায়ৰ লোকে প্ৰাণ হেৰুৱাইছিল। ২০০ তকৈও অধিক ঘৰ জ্বলাই দিয়া হৈছিল আৰু ১০,০০০ ৰো অধিক লোক সাহায্য শিবিৰলৈ পলাই যাবলৈ বাধ্য হৈছিল।
অপহৰণ কাণ্ড: কেৱল হত্যাই নহয়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট সীমান্তত খেতি চপোৱাৰ সময়ত অসমৰ কৃষকক অপহৰণ কৰা, জোৰ-জবৰদস্তি কৰ সংগ্ৰহ কৰা আৰু ভূমি দখল কৰাটো নগাপাহাৰৰ দুৰ্বৃত্তৰ বাবে এক নিয়মীয়া ঘটনাত পৰিণত হৈছে। অপৰহণ কৰি নিয়া বহু চাহ খেতিয়কৰ আজিও কোনো সন্ধান নাই। নগাই গাঁওবুঢ়াৰ হাতত দি থৈ যায় টেক্স দিবলৈ ভাবুকি ভৰা পত্ৰ। কিন্তু অতি ৰহস্যজনকভাৱে নিমাত আমাৰ বিয়াগোম আৰক্ষী-প্ৰশাসন।
মিজোৰাম সীমান্ত: অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ
২৬ জুলাই, ২০২১ (লায়লাপুৰ কাণ্ড): কাছাৰ জিলাৰ লায়লাপুৰ সীমান্তত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই স্বয়ংক্ৰিয় বন্দুকেৰে চলোৱা অতৰ্কিত গুলীচালনাত ৬ জন অসম আৰক্ষীৰ জোৱান আৰু এজন সাধাৰণ নাগৰিক সৰ্বমুঠ ৭ জন নিহত হৈছিল। ৬০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। এই ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছিল, য’ত নিজৰ দেশৰে আন এখন ৰাজ্যৰ আৰক্ষীৰ গুলীত অসমৰ জোৱানে প্ৰাণ দিবলগীয়া হৈছিল।
মেঘালয় সীমান্ত: কাঠমাফিয়া আৰু সীমান্তৰ উত্তেজনা:
২২ নৱেম্বৰ, ২০২২ (মুখ্ৰ’ কাণ্ড): পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী মুখ্ৰ’ত মেঘালয়ৰ একাংশ অবৈধ কাঠমাফিয়া আৰু উগ্ৰ জনতাই অসমৰ বনকৰ্মী আৰু আৰক্ষীকে আক্ৰমণ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এই সংঘৰ্ষ আৰু গুলীচালনাত অসমৰ এজন বনৰক্ষী আৰু মেঘালয়ৰ ৫ জন লোকসহ ৬ জন লোকৰ মৃত্যু হৈছিল।
অৰুণাচল সীমান্ত: শেহতীয়া গুলীচালনা আৰু নিৰন্তৰ প্ৰত্যাহ্বান:
১০ আগষ্ট, ২০২৬ (মিংমাং বদতি – হিমেবস্তি কাণ্ড): এইবাৰ অৰুণাচলে বৰ্বৰতাৰ সকলো সীমা চেৰাই গ’ল। ধেমাজি জিলাৰ মিংমাং বদতি সীমান্তৰ বিবাদ সমাধানৰ এক মিছা নাটক ৰচনা কৰি আলোচনাৰ বাবে অসমৰ নিৰস্ত্ৰ লোকসকলক অৰুণাচলৰ হিমেবস্তিলৈ মাতি নিয়া হৈছিল। কিন্তু এইয়া আছিল এক পৰিকল্পিত ফান্দ। শান্তিপূৰ্ণ আলোচনাৰ বাবে যোৱা অসহায় অসমীয়া লোকসকল বহাৰ পিছতেই তেওঁলোকৰ ওপৰত জধেমধে ধাৰাসাৰ গুলীচালনা কৰা হয়। এই ভয়ংকৰ ঘটনাটোৰ নেতৃত্ব দিছিল খোদ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ উপায়ুক্তৰ পুত্ৰ তথা অৰুণাচল আৰক্ষীৰ ডি এছ পি নিৰাক অগমলে। অৰুণাচল প্ৰশাসন আৰু আৰক্ষীৰ এনে উচ্চপদস্থ বিষয়াই আইন হাতত তুলি লৈ কৰা এই আক্ৰমণত ১১ জনতকৈও অধিক নিৰীহ অসমীয়া লোক গুৰুতৰভাৱে আহত হয়। আলোচনাৰ নামত মাতি নি এনেদৰে গুলীওৱা কাণ্ডই প্ৰমাণ কৰে যে সীমান্তৰ অসমীয়াৰ জীৱনক তেওঁলোকে কিমান তুচ্ছ জ্ঞান কৰে। ইয়াৰ পূৰ্বেও ধেমাজিৰ গোগামুখ আৰু লখিমপুৰ সীমান্তত বহুবাৰ অসমৰ লোকক অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি উচ্ছেদ চলাই আহিছে।
চৰকাৰলৈ প্ৰশ্ন:
জনসাধাৰণে আৰু কিমান দিন এই ভয় আৰু সন্ত্ৰাসৰ মাজত জীয়াই থাকিব? আপোনালোকৰ এয়া কেনেধৰণৰ গৃহ নীতি, য’ত নিজৰ ৰাজ্যৰ সীমা সুৰক্ষিত কৰিব নোৱাৰি? দিল্লী-দিছপুৰত বহি ফাইল চহী কৰিলে সীমান্তৰ মাটিত শান্তি নাহে। ‘সাত ভনী’ৰ এই সুমধুৰ শ্লোগানৰ আঁৰত থকা হিংস্ৰ বাস্তৱক লৈ চৰকাৰে কেতিয়া মুখ খুলিব? আলোচনাৰ নামত মাতি নি গুলীওৱা অৰুণাচল আৰক্ষীৰ ডি এছ পি আৰু উপায়ুক্তৰ পুত্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব? এটা কথা ঠিক যেতিয়ালৈকে চুবুৰীয়া ৰাজ্যৰ আক্ৰমণকাৰী আৰু গুলী চলোৱা অপৰাধীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ নকৰে, যেতিয়ালৈকে অসমৰ মাটিত অসমীয়াৰ সুৰক্ষা সুনিশ্চিত নহয়, তেতিয়ালৈকে এই MoU সমূহ কেৱল কাগজৰ টুকুৰা হৈয়েই ৰৈ যাব। সীমান্তবাসীৰ ধৈৰ্য্যৰ বান্ধ আৰু পৰীক্ষা নল’ব— তেওঁলোকৰো জীয়াই থকাৰ আৰু নিজৰ মাটিত বুকুত সাহস লৈ থিয় হোৱাৰ পূৰ্ণ অধিকাৰ আছে!
শেষত কও ‘প্ৰাণৰ মূল্য জনাৰ ছাগে সকলোৰে থাকে অধিকাৰ’

