Zubeen Garg Death Case: আদালতক অৱমাননা! ছীল কৰাৰ পিছতো গোপনে কেনেকৈ চলিছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ‘মহাবীৰ একুৱা’?

অসমীয়াৰ প্ৰাণৰ শিল্পী (Zubeen Garg Death Case) জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। আদালতৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ছয়গাঁৱত এতিয়াও গোপনে চলি আছে আৰক্ষীয়ে ছীল কৰা ‘মহাবীৰ একুৱা’ নামৰ মিনাৰেল ৱাটাৰৰ ফেক্টৰীটো। জুবিন গাৰ্গৰ কোটি কোটি টকা আত্মসাৎ কৰা তেজপিয়াৰূপী মেনেজাৰ তথা হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই এই উদ্যোগটো স্থাপন কৰিছিল। বৰ্তমান সমগ্ৰ প্ৰকল্পটো আদালতৰ নিয়ন্ত্ৰণত থকাৰ পিছতো দিনে-নিশাই ইয়াত উৎপাদন কাৰ্য অব্যাহত থকা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মূল ঘটনা আৰু এছআইটিৰ (SIT) তথ্য:
জুবিনৰ ধনেৰে ফেক্টৰী নিৰ্মাণ: জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন কৌশলেৰে সৰকাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ছয়গাঁৱৰ ঔদ্যোগিক এলেকাত এই মিনাৰেল ৱাটাৰ ফেক্টৰীটো খুলিছিল।

১ কোটি ১০ লাখৰ বিনিয়োগ: বিশেষ তদন্তকাৰী গোট (SIT) আৰু চিআইডিৰ (CID) তদন্তত প্ৰকাশ পাইছে যে প্ৰাণৰ শিল্পীগৰাকীৰ পৰা আত্মসাৎ কৰা প্ৰায় ১ কোটি ১০ লাখ টকা সিদ্ধাৰ্থই এই ফেক্টৰীটোত বিনিয়োগ কৰিছিল।

আদালতৰ ছীলৰ নিৰ্দেশ: এই বিত্তীয় কেলেংকাৰী আৰু জালিয়াতিৰ তথ্য লাভ কৰাৰ পিছত, যোৱা ২৯ এপ্ৰিলত এক বিশেষ ফাষ্ট ট্ৰেক আদালতে ‘মহাবীৰ একুৱা’ থিতাতে জব্দ আৰু ছীল কৰাৰ নিৰ্দেশ দিছিল।

কেনেকৈ চলিছে গোপন কাৰবাৰ?
আদালতৰ নিৰ্দেশমৰ্মে প্ৰশাসনে ফেক্টৰীটো বন্ধ কৰি দিছিল যদিও শেহতীয়াকৈ ইয়াৰ ভিতৰত গোপনে কাম চলি থকাৰ দৃশ্য পোহৰলৈ আহিছে। স্থানীয় সূত্ৰ আৰু ফেক্টৰীটোৰ কৰ্মচাৰীৰ ভাষ্য অনুসৰি, মূল প্ৰৱেশদ্বাৰ বন্ধ ৰাখি বিগত প্ৰায় ১০ দিন ধৰি লেবৰেটৰী আৰু পানীৰ বটলিং কাৰ্য চলাই থকা হৈছে। আদালতক সম্পূৰ্ণ অৱমাননা কৰি বাহিৰৰ পৰা অনা শ্ৰমিকৰ জৰিয়তে এই সমগ্ৰ অবৈধ কাম-কাজ চলাই থকা হৈছে।

আদালতত আবেদনৰ নাটক:
ইফালে, জব্দ হৈ থকা ‘মহাবীৰ একুৱা’ পুনৰ খুলি দিবলৈ সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাচেৰিয়াই আদালতত আবেদন জনাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমানো এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু আশ্চৰ্যজনকভাৱে ন্যায়ালয়ৰ চূড়ান্ত ৰায় অহাৰ পূৰ্বেই অভিযুক্ত পক্ষই নিজেই কাৰখানাটো চলাই থকাটোৱে আইন-প্ৰশাসনক প্ৰত্যাহ্বান জনাইছে।

জুবিন অনুৰাগীৰ প্ৰতিক্ৰিয়া:
প্ৰাণৰ শিল্পীগৰাকীক হেৰুওৱাৰ বেদনাৰ মাজতে হত্যাকাৰীৰ এনে ধৃষ্টতাই স্তব্ধ কৰি তুলিছে জুবিন অনুৰাগীসকলক। আদালতৰ নিৰ্দেশ উলংঘা কৰি গোপনে ফেক্টৰী চলোৱা সিদ্ধাৰ্থ শৰ্মা আৰু চেতন ধীৰাচেৰিয়াৰ বিৰুদ্ধে অতিৰিক্তভাৱে আদালত অৱমাননাৰ নতুন গোচৰ ৰুজু কৰিবলৈ আৰু প্ৰশাসনক ইয়াত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে।

Related Articles