Breaking

ৰাজপথত ‘বেকাৰ’ বৰিছ জনছনে বিচাৰিছে চাকৰি…

0 83

ব’ৰিছ জনছনে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ব্লেকপুলৰ ৱাক্স মিউজিয়ামে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনছনে পদত্যাগ ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে সংগ্ৰহালয়টোৱে তেওঁৰ মমৰ মূৰ্তিটো আঁতৰাই পেলায়। মেডাম টুছাডে এতিয়া তেওঁৰ এই মূৰ্তিটো লেংকাশ্বাৰৰ ৰাজপথৰ কাষৰ এটা চাকৰি সন্ধান কেন্দ্ৰৰ বাহিৰত ৰাখিছে। সংগ্ৰহালয়টোৰ মতে, ‘বৰিছ এতিয়া প্ৰধানমন্ত্ৰী নহয়, সেয়ে তেওঁৰ প্ৰতিমূৰ্তি আঁতৰাই পেলোৱা হৈছে।’

মন কৰিবলগীয়া যে, লেংকাশ্বাৰত বৰিছৰ মমৰ মূৰ্তিটো এখন ব’ৰ্ডৰ সন্মুখত ৰখা হৈছে। সেই ব’ৰ্ডত লিখা আছে এটা শব্দ-‘ভেকেঞ্চী’ । প্ৰতিকী অৰ্থত বৰিছ জনছনে চাকৰিৰ অনুসন্ধান কৰি থকা বুলি দেখুৱাব বিচৰা হৈছে। ৭ জুলাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সময়ত বৰিছ জনছন সৰ্বহাৰা ! এতিয়া বৰিছৰ প্ৰতিমূৰ্তিৰ এই ছবিখন নেটিজেনে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।


পথৰ দাঁতিত এই মূৰ্তিটো দেখি মানুহ প্ৰথমে আচৰিত হৈছিল যদিও পিছত প্ৰতিমূৰ্তিটোৰ সৈতে ফটো তুলিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ মাৰ্চ মাহত মেডাম টুছাডে জব চেণ্টাৰৰ বাহিৰত বৰিছ জনছনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। মুঠ ২০ গৰাকী শিল্পীয়ে একেলগে নিৰ্মাণ কৰিছিল এই ভাস্কৰ্য্য। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সময় লাগিছিল প্ৰায় ৮মাহ।

Leave A Reply