ৰাজহৰ ভোক বনাম প্ৰশাসনিক ব্যৰ্থতা: ধূলিস্যাৎ কল্যাণকামী চৰকাৰৰ ধাৰণা

সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰৰ কিছুমান নীতি আৰু কাৰ্যপন্থাই সচেতন মহলক কেৱল আচৰিত কৰাই নহয়, বৰঞ্চ তীব্রভাৱে উদ্বিগ্ন কৰি তুলিছে। যি সময়ত অসমৰ এটা বৃহৎ অংশ ভয়াৱহ বানৰ কৱলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে, ঠিক সেই সময়তে চৰকাৰী কোষাগাৰ ভৰাবলৈ যিধৰণৰ কৌশল অৱলম্বন কৰা হৈছে, সি এক কল্যাণকামী চৰকাৰৰ চৰিত্ৰৰ ওপৰত ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ সুৰা বিক্ৰী বৃদ্ধিৰ বাবে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক সীমা (Target) ধাৰ্য কৰি দিয়া আৰু অন্যথা জৰিমনা বা অনুজ্ঞাপত্ৰ বাতিলৰ ভয় দেখুওৱা কাৰ্যই চৰকাৰৰ দুমুখীয়া নীতিক পুনৰবাৰ উদঙাই দিছে।

আবকাৰী নীতিৰ ভয়ংকৰ বৈপৰীত্য:
ৰাজ্যৰ আবকাৰী মন্ত্ৰীয়ে এফালে দাবী কৰে যে সুৰাৰ দাম বঢ়ালেহে মানুহে মদ খোৱা কম কৰিব, কিন্তু আনফালে আকৌ ব্যৱসায়ীসকলক অতিৰিক্ত ৭ শতাংশ বিক্ৰী বৃদ্ধিৰ চৰকাৰী নিৰ্দেশ দিয়া হয়। এইয়া এক চৰম “দুই তাল মৰা” স্থিতিৰ বাহিৰে আন একো নহয়। আচল কথাটো হ’ল, চৰকাৰৰ বিত্তীয় অৱস্থা বৰ্তমান থৰক-বৰক আৰু তাকে মুখ ফুটাই স্বীকাৰ কৰিবলৈ চৰকাৰৰ সংকোচ। বিগত পাঁচ বছৰত সুৰাৰ বিক্ৰী কিমান ব্যাপকভাৱে বৃদ্ধি পাইছে, সেইয়া বিধানসভাৰ মজিয়াতে উন্মোচিত হৈ গৈছে। মদৰ বিক্ৰীৰ পৰাই যদি চৰকাৰৰ ঘৰলৈ সৰ্বাধিক ৰাজহ আহে, তেন্তে জনস্বাস্থ্য আৰু সামাজিক স্থিৰতাৰ কথা কোৱাটো কেৱল ভণ্ডামি। চৰকাৰী কোষাগাৰ পূৰণ কৰিবলৈ গৈ সমাজখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। সুৰাৰ এই ক্ৰমবৰ্ধমান প্ৰচলনৰ বাবেই নিতৌ কাৰোবাৰ মাক, পিতৃ বা পত্নী হত্যাৰ বলি হৈছে, মাতাল চালকৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি পাইছে আৰু ৰাজহুৱা সম্পত্তি ধ্বংস হৈছে। কিন্তু ৰাজহৰ লোভত অন্ধ প্ৰশাসনৰ বাবে এই সামাজিক বিপৰ্যয় যেন কোনো ডাঙৰ কথা নহয়।

বানৰ কৰাল গ্ৰাস আৰু অগ্ৰাধিকাৰৰ খেলিমেলি:
আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল, যেতিয়া শিৱসাগৰৰ দৰে জিলাত বানৰ ধ্বংসলীলাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছিল, সেই সময়তেও জিলা আয়ুক্তই নতুন দেশীয় মদৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন আহ্বান কৰিছিল। বান পৰিস্থিতি মোকাবিলা কৰিবলৈ চৰকাৰক এতিয়া বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন, কিন্তু কেন্দ্ৰৰ ওচৰত হাত পাতিবলৈ হেনো মুখ্যমন্ত্ৰীয়ে বেয়া পায়! এতেকে সেই নাটনি পূৰাবলৈ এতিয়া জনসাধাৰণক মদ খুৱাই হ’লেও সুৰা ব্যৱসায়ীৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিব লাগিব— এয়াই নেকি আধুনিক শাসন ব্যৱস্থা?

প্ৰশাসনিক সংস্কাৰৰ ফোঁপোলা স্বৰূপ:
যোৱা বছৰবোৰত চৰকাৰে মূল কৰণীয় কামবোৰত জোৰ নিদি বিভিন্ন “নলগা জেঙত” বেছিকৈ লাগি থকাৰ বাবেই আজি বিপদৰ সময়ত থৰকাছুটি হেৰুৱাবলগীয়া অৱস্থা হৈছে। শাসন ব্যৱস্থা সুচাৰুৰূপে চলাবলৈ পুৰণি প্ৰশাসনীয় গাঁথনি ভাঙি সমষ্টিয়ে সমষ্টিয়ে ‘সমজিলা’ (Sub-Districts) গঠন কৰা হ’ল। ঢাক-ঢোল বজাই কৰা এই বৃহৎ প্ৰশাসনিক সংস্কাৰৰ আচল পৰীক্ষা আছিল এইবাৰৰ বানপানী। কিন্তু মুখ্যমন্ত্ৰীৰ নিজৰ ভাষ্যতেই ওলাই পৰিল যে ৰাইজৰ স্বেচ্ছামূলক সহায় অবিহনে এসপ্তাহ ধৰি প্ৰশাসন বহু বানপীড়িত এলেকালৈ যাবই পৰা নাছিল। এটা মাত্ৰ প্ৰাকৃতিক দুৰ্যোগতে যদি প্ৰশাসনৰ এই গতি হয়, তেন্তে কোটি কোটি টকা খৰচ কৰি সমষ্টিভিত্তিক সমজিলা গঠন কৰাৰ কি অৰ্থ থাকিল?

কেৱল নাম সলনি কৰি বা নতুন প্ৰশাসনিক কাৰ্যালয় খুলিলেই যে কাম-কাজ ক্ষিপ্ৰ নহয়, সেইয়া প্ৰমাণ হৈ গ’ল। দুৰ্যোগৰ সময়ত বিজ্ঞানসন্মত প্ৰস্তুতি আৰু স্থায়ী সমাধানৰ সলনি চৰকাৰে নিজৰ ব্যৰ্থতা লুকুৱাবলৈ এতিয়া সুৰা বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। চৰকাৰে অনুভৱ কৰা উচিত যে কেৱল আবকাৰী ৰাজহেৰে এখন ৰাজ্য দীৰ্ঘদিন ধৰি চলিব নোৱাৰে। মূল সমস্যাসমূহৰ পৰা চকু ফুৰাই থকাৰ এই আত্মঘাতী নীতি সলনি নকৰিলে, ভৱিষ্যতে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ভেটি সম্পূৰ্ণৰূপে খহি পৰাটো নিশ্চিত।

Related Articles