অসমত এতিয়া বৰষুণৰ বতৰ৷ ইয়াৰ লগে লগে আহি পৰিছে বানৰো বিভীষিকা৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত হোৱা বানত ২৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ বাৰিষাৰ ভৰপক সময়ত বানে ৰাজ্যত অধিক কালান্তক ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ সেয়ে ২০খন জিলাত হাই-এলাৰ্ট জাৰি কৰা হৈছে৷ শেহতীয়াকৈ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ এই জটিল পৰিস্থিতিৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ [আই এম ডি] এ আগন্তুক দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক বৰষুণ হোৱাৰ পূৰ্বানুমান কৰি সতৰ্কবাণী জাৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননীয়ে সম্প্ৰতি ৰাজ্যখনৰ বানপৰিস্থিতিক লৈ সৰ্বত্ৰ এক গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা শেহতীয়া বুলেটিন অনুসৰি, কামৰূপ [মহানগৰ], শ্ৰীভূমি আৰু কাছাৰ জিলাৰ কেইবাটাও অঞ্চলৰ পৰা ব্যাপক নগৰীয়া বানৰ খবৰ পোৱা গৈছে৷
এই তিনিখন জিলাৰ অন্তৰ্গত মুঠ চাৰিটা ৰাজহ চক্ৰৰ প্ৰায় ১২খন গাঁও বৰ্তমান প্লাৱিত হৈ পৰিছে, যাৰ ফলত ২৩,৬১৯জন লোক পোনপটীয়াভাৱে প্ৰভাৱিত হৈছে৷ চৰকাৰী তথ্য অনুসৰি, কেৱল কাছাৰ জিলাতে ১৫,৬১৭জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে শ্ৰীভূমি জিলাত জ্জ্ব,০০২ জন লোক বানৰ কৱলত পৰিছে৷ অৱশ্যে, সকাহৰ বিষয় এয়ে যে বিগত ২৪ ঘণ্টাত এই নগৰীয়া বানৰ ফলত কোনো লোকৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা নাই বুলি এ এছ ডি এম এ কতৃৰ্পক্ষই নিশ্চিত কৰিছে৷ শ্ৰীভূমি জিলাত ৰাজ্যিক দুৰ্যোগ সাহায্য বাহিনীৰ বিষয়াসকলে পানীৰ মাজত আবদ্ধ হৈ থকা ৫৩জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷ প্ৰশাসনে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক আৱশ্যকীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে৷
ইফালে, গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই [আৰ এম চি] আগন্তুক ২৪ ঘণ্টাৰ বাবে ৰাজ্যৰ চাৰিখন গুৰুত্বপূৰ্ণ জিলা ক্ৰমে শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আৰু ডিমা হাছাওৰ বাবে ‘কমলা সতৰ্কবাণী’ জাৰি কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ সংজ্ঞা অনুসৰি, এই ‘কমলা সতৰ্কবাণী’ৰ অৰ্থ হৈছে যিকোনো জৰুৰী পৰিস্থিতিৰ মুখামুখি হ’বলৈ ‘ব্যৱস্থা ল’বলৈ সাজু থাকক’৷ এই সময়ছোৱাত ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে প্ৰতি ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে উল্লিখিত জিলাসমূহৰ কিছুমান বিচ্ছিন্ন স্থানত প্ৰচণ্ড বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে৷
ৰাজ্যখনৰ আন ২০খন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ‘হালধীয়া সতৰ্কবাণী’ জাৰি কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে সজাগ থকা আৰু বতৰ সন্দৰ্ভত শেহতীয়া তথ্য লাভ কৰি থকা৷ এই হালধীয়া সতৰ্কতাৰ আউটিত থকা জিলাসমূহৰ ভিতৰত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ আৰু কামৰূপ [মহানগৰ], ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া অন্যতম৷ আৰ এম চিৰ পূৰ্বাভাস অনুসৰি, এই জিলাসমূহৰ কেইবাটাও অঞ্চলত আগন্তুক দুদিন ধৰি ধাৰাসাৰ বজ্ৰপাতৰ লগতে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বৰ্তমান সমগ্ৰ ৰাজ্যখনতে প্ৰশাসনিক পৰ্যায়ত বান আৰু বতৰৰ এই প্ৰত্যাহ৩ানমূলক পৰিস্থিতিক চম্ভালিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷

