Breaking

ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আমিনগাঁৱত ৰাভা জনজাতীয় ছয় সংগঠনৰ অনশন কাৰ্যসূচী

0 93

নিখিল ৰাভা ছাত্ৰ সন্থা,সদৌ ৰাভা কৃষ্টি সন্মিলন, নিখিল ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য পৰিষদ, আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি কামৰূপ জিলা ৰাভা জনজাতীয় ছয় সংগঠনৰ যৌথ উদ্যোগত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ বাহিৰত থকা ৰাভা জনজাতীয় লোক সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশন কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভাই কয় ১৯৯৫ চনৰ ১০ মাৰ্চত ৰাভা হাচং স্বায়ত্ব পৰিষদ গঠন হোৱাৰ পৰা ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ বাহিৰত থকা ৰাভা জনজাতীয় লোক সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে দাবী জনাই আহিছে।

আমাৰ এই ন্যায্য দাবী চৰকাৰে মানি নললে আগন্তুক দিনত ৰাভা জনজাতীয় লোক সকল বহি নাথাকিব বুলি ছাত্ৰ নেতা প্ৰদীপ ৰাভাই অসম আৰু কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে। ছাত্ৰ নেতা প্ৰদীপ ৰাভাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ উজাৰি কয় এই গৰাকী মুখ্যমন্ত্ৰীয়ে ৰাভা জনজাতীয় লোক সকলৰ ভোট লাভৰ আশাত ২০২১ চনৰ ১০ মাৰ্চৰ দিনা দুধনৈৰ এখন জনসভাত ভাষণ দি বীৰদৰ্পে ৰাভা জনজাতীয় লোক সকলৰ সকলো সমস্যা সমাধান কৰা হ’ব যদিহে ৰাভা জনজাতীয় লোক সকলৰ ভোট বিজেপি দলক দিয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথাত বিশ্বাস কৰিয়েই ৰাভা জনজাতীয় লোক সকলে বিজেপিৰ পক্ষত ভোটদান কৰিছিল। কিন্তু নিৰ্বাচন অনুষ্ঠিত হৈ শাসনৰ গাদীত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল। কিন্তু চৰকাৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে ৰাভা জনজাতীয় লোক সকল।

আগন্তুক সাধাৰণ নিৰ্বাচনত সমাগত। নিৰ্বাচনৰ আগত যদিহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে আগন্তুক সাধাৰণ নিৰ্বাচনত ৰাভা জনজাতীয় লোক সকলৰ ভোট বিজেপিয়ে লাভ নকৰিব বুলি ছাত্ৰ নেতা প্ৰদীপ ৰাভাই লগতে চৰকাৰক সকিয়াই দিয়ে।

অনশন কাৰ্যসূচীত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক অশোক কুমাৰ ৰাভাৰ লগতে কামৰূপ জিলা ছয় জনজাতীয় সংগঠনৰ সভাপতি, সম্পাদক প্ৰমুখ্যে কেইবা শতাধিক ৰাভা জনজাতীয় লোকে অংশ গ্ৰহণ কৰে।

Leave A Reply