ৰিয়া তালুকদাৰ হত্যাকাণ্ড: এতিয়াও উদ্ধাৰ হোৱা নাই হাতৰ আঙুলি

ৰিয়া তালুকদাৰ হত্যাকাণ্ড: এতিয়াও উদ্ধাৰ হোৱা নাই হাতৰ আঙুলি

গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰত সংঘটিত ৰিয়া তালুকদাৰ হত্যাকাণ্ডক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। হত্যাকাণ্ডৰ তদন্তৰ মাজতে এতিয়াও উদ্ধাৰ হোৱা নাই ৰিয়াৰ হাতৰ আঙুলিকেইটা। আৰক্ষীৰ জিম্মাত থকা হত্যাত অভিযুক্ত স্বামী ৰামানুজ গোস্বামীৰ পৰা এই সন্দৰ্ভত তথ্য লাভৰ বাবে তদন্তকাৰী দলে সোধা-পোছা অব্যাহত ৰাখিছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰিয়া তালুকদাৰক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰামানুজ গোস্বামীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, হত্যাৰ পাছত ৰিয়াৰ শিৰশ্ছেদ কৰাৰ লগতে হাতৰ আঙুলিও কটা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ফ্ৰীজৰ ভিতৰত ক’লা পলিথিনত মেৰিয়াই থোৱা অৱস্থাত ৰিয়াৰ ছিন্নমুণ্ড উদ্ধাৰ কৰিছে। আনহাতে, শৰীৰৰ বাকী অংশ শোৱনি কোঠাৰ বিচনাৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছিল।

তদন্তত আন এক চাঞ্চল্যকৰ তথ্যও পোহৰলৈ অহাৰ কথা জানিব পৰা গৈছে। অভিযোগ অনুসৰি, হত্যাৰ পাছত ৰামানুজে মৃতদেহৰ কাষতে বহি সুৰাপান আৰু খাদ্য গ্ৰহণ কৰিছিল। আনকি মৃতদেহৰ টুকুৰা কুকুৰক খুওৱাৰ পৰিকল্পনা কৰিছিল বুলিও আৰক্ষীৰ তদন্তত তথ্য পোহৰলৈ অহাৰ কথা প্ৰকাশ পাইছে।

ইফালে, ৰামানুজে নিজৰ লগতে পত্নী ৰিয়াৰ ম’বাইল ফোনো ভাঙি নষ্ট কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই ঘটনাৰ আঁৰত থকা কাৰণ আৰু অন্যান্য দিশ সন্দৰ্ভত তদন্ত অব্যাহত আছে।

বহুচৰ্চিত ‘ছুগাৰ ডেডী’ প্ৰসংগক লৈও তদন্তকাৰী আৰক্ষীয়ে ৰামানুজক সোধা-পোছা চলাইছে। কিন্তু এই সন্দৰ্ভত অভিযুক্তই আৰক্ষীৰ সন্মুখত কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত দেওবাৰে নিশা ৰিয়া তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটৰ পৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ পিছতে দেওবাৰে নিশাই আৰক্ষীয়ে ৰিয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমান ঘটনাটোৰ প্ৰতিটো দিশ সামৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিশেষকৈ উদ্ধাৰ নোহোৱা হাতৰ আঙুলিকেইটাৰ সন্ধানত তদন্তকাৰী দলে অভিযান চলাই আছে।

Related Articles