Breaking

গোলকগঞ্জ আৰক্ষীৰ অভিযানত আটক ১জন আই পি এল বুকি…

0 17

অবৈধ তীৰ,জুৱা, নিচাজাতীয় দ্ৰব্য আদিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী প্ৰশাসনৰ দিনে-নিশাই অভিযান অব্যাহত আছে। আই পি এল বুকিৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। আজি এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ তীব্ৰ অভিযানত গোলকঞ্জ বজাৰৰ এটা দোকানৰ ভিতৰৰ পৰা আটক কৰিলে এজন আই পি এল বুকিক।

আৰক্ষীয়ে আটকাধীন আই পি এল বুকি জন গোলকগঞ্জ সমষ্টিৰ উত্তৰ টোকৰাৰছৰা ১ম খণ্ডৰ নাৰায়ন সৰকাৰৰ পুত্ৰ ধৃত নিত্যানন্দ সৰকাৰ।উল্লেখ্য যে ধৃত নিত্যানন্দ সৰকাৰ দীৰ্ঘদিনৰ পৰাই অবৈধ জুৱা খেলৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি ধৃত নিত্যানন্দ সৰকাৰক আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply