Breaking

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী আঠখেলত টেংকাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ,নিহত ১..

0 153

আঠখেলত তীব্ৰবেগী অ’এনজিচি Mud ভৰ্তি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ । শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী আঠখেলত টেংকাৰে মহতিয়াই নিয়ে মটৰ চাইকেলত গৈ থকা দুজন আৰোহীক । দূৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনৰ নাম্বাৰ AS 04 BC 7107 ।

আহত লোক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ বাটত এজনৰ মৃত্যু হয় । মৃত লোকজনৰ নাম কুন্দল মিৰ্ধা আৰু আনজন শংকৰ নায়কৰ অৱস্থাও অতি সংকটজনক, দুয়োৰে ঘৰ মুদিনগৰ বাগিছাৰ ৬ নং লাইনত । শংকৰ নায়কৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

পৰৱৰ্তী সময়ত তথা আজি আবেলি পৰত উত্তেজিত শতাধিক স্থানীয় ৰাইজে গেলেকী আৰক্ষী থানা চৌহদত উপস্থিত হৈ অভিযুক্তৰ শাস্তিৰ দাবীত প্ৰতিবাদমুখী হৈ পৰিছে । ইতিমধ্যে গেলেকী আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা টেংকাৰ খন জব্দ কৰাৰ লগতে টেংকাৰ খনৰ চালক ৰূপম চুতীয়া আৰু হেণ্ডিমেন অংকুৰ বৰাক আটক কৰে । যাক লৈ বৰ্তমানেও থানা চৌহদত উত্তেজনা অব্যাহত আছে ।

Leave A Reply