Breaking

অন্ধ্ৰপ্ৰদেশত ক’ভিড ৰোগীৰ চিকিৎসাত ব্যৱহৃত হোটেলত অগ্নিকাণ্ড : নিহত ১০

0 1,183

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহৃত এখন হোটেলত বিধ্বংসী অগ্নিকাণ্ডৰ সৃষ্টি হয়৷ দেওবাৰে পুৱা প্ৰায় ৫ বজাত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাড়াত এই ঘটনাটো সংঘটিত হয়৷ অগ্নিকাণ্ডত প্ৰথমে সাতজন লোকৰ মৃত্যু হয় বুলি খবৰ পোৱা গৈছিল৷ কিন্তু মৃতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পায়৷ দেওবাৰে দুপৰীয়া এই কথা জনালে বিজয়ৱাড়া-২ৰ ডিচিপি বিক্ৰান্ত পাটিলে৷ উল্লেখ্য যে এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৫০ জন ৰোগী আছিল আৰু তেওঁলোকক চোৱাচিতা কৰিবলৈ ১০ জন পেৰা মেডিকেল কৰ্মী আছিল৷ বিজয়ৱাড়াৰ আৰক্ষী আয়ুক্ত শ্ৰীনিবাছালুৱে জনায় যে হোটেলৰ এটা তলাত প্ৰথমে জুই লাগে৷ এই জুই দ্ৰুতগতিত বিয়পি পৰে৷ ঘটনাৰ খবৰ পায় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু কুইক ৰেছপন্স টিম উপস্থিত হয় আৰু ৩০ মিনিটৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰে৷ হোটেলখনত ফায়াৰ এক্সিট নথকাত দুজন ৰোগীয়ে ওপৰৰ পৰা জাপ মাৰে৷ তাৰে এজন গুৰুতৰভাৱে আহত হয়৷ বাকীসকলক সুৰক্ষাৰে বাহিৰলৈ অনা হয়৷ আৰক্ষী আয়ুক্তজনে কয় যে মুঠ ৩০ জন ৰোগীক উদ্ধাৰ কৰা হৈছে৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ অনুমান যে ক’লা ধুৱাৰ বাবে শ্বাসকষ্টত ভূগে ক’ৰোনাত আক্ৰান্ত ৰোগী৷ ফলত অধিক আক্ৰান্ত হৈ পৰে৷ এই অগ্নিকাণ্ডৰ কাৰণ তদন্তৰ পাচত জানিব পৰা হ’ব৷ এই ঘটনাৰ খবৰ পায় অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

Leave A Reply