Breaking

চিমেন চাপৰিত গণতান্ত্ৰিকভাৱে নির্বাচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ…

0 18

চিমেন চাপৰিত গণতান্ত্ৰিকভাৱে নির্বাচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময় উদ্দেশ্যেৰে প্রতিশ্রুতি আৰু প্ৰতিফলন সমাবেশ সম্পন্ন

গণতান্ত্ৰিকভাৱে নির্বাচিত হোৱা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া খতিয়ান প্রকাশ আৰু মুকলি মত-বিনিময় উদ্দেশ্য আগত ৰাখি আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ মানিকপুৰ সুবুং জিৰণি ঘৰত পুৱা ১০ বজাত প্রতিশ্রুতি আৰু প্ৰতিফলন সমাবেশ অনুষ্ঠিত কৰা হয়। সন্মিলিত গণ শক্তি, অসমৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগুয়ে সভাপতিত্ব কৰা সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৬ নং সানজাৰি নৌগৌৰ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে। যোৱা দহ বছৰীয়া কাৰ্য্যকালত এমএচিৰ নিৰ্বাচিত পৰিষদখনে আগবঢ়োৱা প্ৰতিশ্ৰুতি আৰু ইয়াৰ প্ৰতিফলন বিষয়ত বক্তব্য ৰাখি এমএচিৰ জিএম মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদৰ গণতান্ত্ৰিকভাৱে নির্বাচিত হোৱাৰ পাছত

পৰিষদখনে ১০ টা বছৰ অতিক্রম কৰিলে। নির্বাচনৰ পূর্বে মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে সম-অধিকাৰ, সম-উন্নয়ন আৰু সম- মর্যদাৰ আধাৰত সর্বসাধাৰণ ৰাইজৰ সর্বতো প্রকাৰ উন্নয়নৰ বাবে প্রতিশ্রুতি প্রদান কৰা হৈছিল। প্রতিশ্রুতি অনুসৰি জনগণৰ সমস্যা সমাধান আৰু উন্নয়নৰ পক্ষত নিষ্ঠা সহকারে সেৱা আগবানই আহিছে। শিক্ষা, যোগাযোগ ব্যবস্থা, কৃষি, পশুধন, মীন পালন, নির্মাণ কার্য, আর্থিক সাহার্য অনুদানৰ জৰিয়তে আন্তঃগাঠনি উন্নয়নৰ উপৰিও জীবন-জীবিকাৰ লগত জড়িত সমস্যা সমুহব সমাধানৰ ক্ষেত্রত বিভিন্ন আঁচনি গ্রহণ কৰা হৈছে। বিদ্যালয়ৰ ভবন নির্মাণ আৰু মেৰামতি, পকী দেৱাল নির্মাণ, নামঘৰ নির্মাণ আৰু মেবামতি, ৰাজহুৱা ভৱন নির্মাণ, মূৰং অকুম নির্মাণ, গাহৰি গঁড়াল, পুখুৰী নির্মাণ, গৰা খহনীয়া প্রতিৰোধ, মন্দিৰ,নামঘৰ নিৰ্মাণ, বিজ্ঞানসম্মত গাহৰি, ছাগলী, কুকুৰা, মীন পালন, তামোল, নেমু, নাৰিকল, বিলাতী বগৰী খেতি সম্পর্কে প্রশিক্ষণ, জটিল ৰোগ, প্রাকৃতিক দুর্যোগ, মেধাৱী ছাত্র-ছাত্রী সকলক এককালীন আর্থিক সাহার্য দিয়া, ক্রীড়া ক্ষেত্রত জিলা, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত খেলুৱৈ সকলক উদগনিমূলক এককালীন আর্থিক সাহার্য প্রদান কৰা, শিল্পী সমাজক এককালীন আর্থিক সাহার্য প্রদান কৰা, দুর্ঘটনাত মৃত্যু হোরা ব্যক্তিৰ পৰিয়াললৈ এককালীন আর্থিক সাহার্য, খেতিয়কৰ বাবে ট্রেক্টৰ, পাৱাৰ টিলাৰ, ২ এইছ পি মেচিন, ৫ এইছ পি পাম্পচেত, দমকল, স্প্রে মেচিন, শিপিনী সকলক সুতা বিতৰণ, নিবনুৱা যুবক-যুবতী সকলক ইলেকট্রিচিয়ান, বিউটিচিয়ান, ম’বাইল মেৰামতি, চুলি কটা প্রশিক্ষণ প্রদান কৰা ইত্যাদি আঁচনি ৰূপায়ণ কৰিবলৈ মনোনিবেশ কৰি অহা হৈছে। উপৰোক্ত আঁচনিৰ জৰিয়তে সর্বসাধাৰণ ৰাইজে নিশ্চয় পৰিষদখনৰ পৰা উপকৃত হৈছে।কিন্তু বর্তমানো ৰাইজে বহু সমস্যাৰ সম্মুখীন হৈ আছে।

উক্ত আঁচনি সমূহ ৰূপায়ণ সম্পর্কে ১০ বছৰৰ খতিয়ান দাঙি ধৰি ৰাইইজৰ সৈতে মত বিনিময় কৰি পৰৱর্তী কালত এমএচিয়েযাতে উন্নত আৰু ফলপ্রসূভাৱে সেৱা আগবঢ়াই যাব পাৰি সেই লক্ষ্যৰে ৰাইজৰ পৰা পৰামর্শ গ্রহণ কৰি মিচিং স্বায়ত্তশাসিত পবিষদৰ দ্বাৰা ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহ ৰাইজক অৱগত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি বক্তব্য আগবঢ়ায়। সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ উপ সভাপতি, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজু বসুমতাৰী, সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি জীতেন বড়ো,সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰী, এবছুৰ চিমেন আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ ৰামচিয়াৰী, সাধাৰণ সম্পাদক দানসৌৰাং নাৰ্জাৰী, এমএচিৰ ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ অন্তৰ্গত দল-সংগঠনৰ নেতৃবৃন্দ, সমর্থক, জ্যেষ্ঠ আৰু বিশিষ্ট নাগৰিক, যুৱ সংঘৰ বিষয়ববীয়া, বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হিতাধিকাৰী, বিভিন্ন গাঁৱৰ পৰিচালনা সমিতি, আত্মসহায়ক গোটৰ সদস্য-সদস্যা, ছাত্র-ছাত্রী, অভিভাৱক- অভিভাৱিকা,গাঁও প্রধান আৰু দঃলুং কেবাঙৰ সকলো বিষয়ববীয়া সকল উপস্থিত থাকে।

Leave A Reply