Breaking

এ এম চিত এশখন আই চি ইউ বিছনা যুৱৰাজ সিং ফাউণ্ডেচনৰ

0 1,526

 ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূৱৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব এশ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেচন’ নামৰ সংস্থাটোৱে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ জলি ৰাভাই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেচনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২০১৪ চনৰ পৰা এ এম চিৰ পেডিয়েট্ৰিক কেঞ্চাৰৰ সৈতে জড়িত ডাঃ ৰাভাই যোগাযোগ চলিছিল যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে। অৱশেষত ডাঃ ৰাভাৰ প্ৰচেষ্টাতে ফাউণ্ডেচনে এই বৃহৎ প্ৰকল্পটো প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগীসকলৰ বাবেহে এই বিছনা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ডাঃ ৰাভাই।  তেওঁ লগতে জানিবলৈ দিয়ামতে, সমগ্ৰ ভাৰতবৰ্ষৰ ১২ খন চিকিৎসালয়ত যুৱৰাজ সিং ফাউণ্ডেচনে প্ৰদান কৰিবলগীয়া পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰৰ ভিতৰত উত্তৰ-পূৱৰ শ্বিলং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত হ’ব পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰ। ইফালে যুৱৰাজ ফাউণ্ডেচনৰ কৰ্মকৰ্তাসকলে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ সৈতে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তি অনুসৰি এশখন বিছনাযুক্ত বিছনাত থাকিব Philips EV 300 ICU Ventilator, BiPAP Machine, Patient Monitors, Badside Locker, Oxygent Cylinder 40 L with flow meters, Semi fowler ICU beds with mattress and Pillow, IV stands with wheels, suction machine portable, Infusion Syringe Pump, Crash Cart, ECG Machine with Display, Philips AED Machine, LED x-ray viewing box, Drug Refrigerator 350 L, Equipment Installation & Transportation আদি৷ এ এম চি কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেশ্যনে এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰিব৷ ইয়াৰ লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পেডিয়েট্ৰিক ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে।

Leave A Reply