Breaking

ব্ৰাজিলত ক’ৰোনাত মৃতকক শ্ৰদ্ধা জনাই উৰুৱালে ১০০০ ৰঙা বেলুন : আমেৰিকাত ১,৬২,৮৩৬ লোক ক’ভিড-১৯ত মৃত্যু

0 1,289

দৈনন্দিন বাৰ্তা ডেস্ক : ব্ৰাজিলৰ ৰিয় ডি জেনেৰিয়ৰ ক’পাকাবানা উপকূলত শনিবাৰে ক’ভিড-১৯ত আক্ৰান্ত হোৱাসকলক সন্মান জনোৱাৰ অৰ্থে ৰঙা বেলুন এৰি দিয়ে৷ ব্ৰাজিলত শনিবাৰৰ নিশা  পৰ্যন্ত এক লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ এয়া প্ৰথম ৰিপৰ্ট যে পাঁচ মাহৰ পাচতো এই ৰোগ নিৰ্মূল হোৱাৰ লক্ষণ দেখা নাই৷ উল্লেখ্য যে দেশখনত ২১০ মিলিয়ন লোক ক’ৰোনাত আক্ৰান্ত হৈছে আৰু যোৱা মে’ মাহৰ পৰা গড়ে প্ৰতিদিনে ১০০০ লোকৰ মৃত্যু হৈছে৷ আনহাতে যোৱা ২৪ ঘণ্টাত ৯০৫ জন লোকৰ মৃত্যু হয়৷ দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে নতুনকৈ ক’ৰোনা ভাইৰাছত ৩০১২৪১২ জন লোক আক্ৰান্ত হৈছে৷ দেশখনত মৃত্যু আৰু আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত আমেৰিকাৰ পাচতে দ্বিতীয় স্থানত আছে৷ ইপিনে বিশেষজ্ঞসকলৰ মতে বহু দেশত মৃত আৰু আক্ৰান্তৰ সংখ্যা পৰ্যাপ্ত পৰীক্ষা নোহোৱাত জানিব পৰা নাই৷ ইপিনে ৰিয় ডি জেনেৰিয়ৰ ক’পাকাবানা উপকূলত বিক্ষোভৰ সময়ত এজন লোকে তেওঁৰ ২৫ বছৰীয়া পুত্ৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ এখন ফটো প্ৰদৰ্শন কৰি এজন লোকৰ লগত তৰ্কত লিপ্ত হয়৷ যি মিছা বাতৰি বুলি কয়৷ ইপিনে সেই বিক্ষোভত মৃতসকলৰ প্ৰতি শ্ৰদ্ধা জনায় এহাজাৰ বেলুন এৰি দিয়া হয়৷ আনহাতে আমেৰিকাত এই পৰ্যন্ত ১,৬২,৮৩৬ লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ ইনষ্টিটিউট ফৰ হেলথ মেট্ৰিক্স এণ্ড ইভালুৱেচনৰ মতে ডিচেম্বৰৰ ভিতৰত আমেৰিকাত ২,৯৫,০১১ লোক মৃত্যু হোৱাৰ আশংকা আছে৷ এই প্ৰতিষ্ঠানটোৱে জনোৱা মতে এই তথ্য যে সত্য প্ৰমাণ হ’ব তেনে নহয়৷ আমেৰিকাৰ ৯৫ শতাংশ লোকে যদি মাস্ক পৰিধান কৰে তেতিয়া মৃতৰ সংখ্যা কমি ২,২৮,২৭১ হ’বগৈ৷ অৰ্থাৎ ৬৬ হাজাৰ মানুহ ৰক্ষা পাব৷  আনহাতে দুই লাখ মানুহ মৃত্যু হোৱাৰ পাচত ইউৰোপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে৷ ইপিনে স্পেইনৰ দৰে সতৰ্কতা জাৰি কৰিছে অষ্ট্ৰিয়াই৷  অৱশ্যে স্পেইনৰ অৱস্থা ভাল নহয়৷ বেলজিয়ামক ৰেড জ’ন হিচাপে লৈছে ফিনলেণ্ড আৰু ব্ৰিটেইনে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কম বয়সীয়া লোক একেবাৰেই বিপদমুক্ত নহয়৷ সকলোতকৈ বেছি আক্ৰান্ত হৈছে ২৫ বছৰৰ পৰা ৬৪ বছৰৰ ভিতৰৰ লোক৷ কিশোৰ-তৰুণৰ মাজত সংক্ৰমণৰ প্ৰৱনতা ছগুণ বেছি৷ শিশু আক্ৰান্ত হোৱাৰ ঘটনা সাতগুন বেছি ৷

Leave A Reply