Breaking

১০৩ বছৰ বয়সতো দুৰন্ত তৰুণ মাজুলীৰ জীউৰাম

0 2,048

মাজুলীৰ দেওদিয়াআটী গাঁৱৰ জীউৰাম বৰাৰ (১০৩) হাতৰ পৰশত প্রাণ পাই উঠে বাঁহ–বেতৰ অন্যান্য সা–সঁজুলিয়ে৷ বয়সে কোঙা কৰিলেও ভাগৰি নপৰা লোকজনে আজি ৬০ বছৰে বিভিন্ন বাঁহ–বেতৰ সামগ্রী তৈয়াৰ কৰি গাঁৱৰ নামঘৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানত্ দান দি আহিছে৷ কঠ, বাঁহৰ কুলা, পাচি, খৰাহী, ডলা, মূঢ়া, খালৈ, জাকৈ, ডুলি, মেৰ, খৰা, ঢ়াৰি, জাপি, টোম, পল’, পছা হত্যাদি সামগ্রী নির্মাণ কৰি অসমীয়া গ্রাম্য জীৱনত কিদৰে প্লাষ্টিকমুক্ত কৰি ৰখাৰ আদর্শ তুলি ধৰা পৰিলক্ষিত হৈছে৷ যি সময়ত প্লাষ্টিকৰ সামগ্রীয়ে বজাৰ ভৰি পৰিছে, তেনে সময়ত মাজুলীৰ এহজন লোকে নীৰৱে আজিও তৈয়াৰ কৰি গৈছে নিত্য নৈমিত্তিক ব্যৱহার্য, গ্রাম্য সমাজৰ পৰা হেৰাহ যাব ধৰা সামগ্রীসমূহ৷

তেওঁ তৈয়াৰ কৰা এহ বাঁহ, বেতৰ সামগ্রীসমূহ মাজুলীৰ উপৰি নগাঁও, গুৱাহাটী, লখিমপুৰ, ধেমাজি, ডিব্রুগড়, যোৰহাট, তিতাবৰ, মৰিয়নি, ওৰাং আদিৰ লগতে অসমৰ বহুকেহখন জিলাৰ লোকে ক্রয় কৰে বুলিও এহ প্রতিবেদকক জানিবলৈ দিয়ে৷ বাঁহ–বেতৰ সামগ্রীৰ সমান্তৰালকৈ সৰস্বতী পূজাৰ লগতে বিভিন্ন সময়ত মূর্তি আৰু মুখা নির্মাণ কৰি জীউৰাম বৰাহ খেতি–বাতি কৰি নিজ সন্তানক উচ্চ শিক্ষা প্রদান কৰাহ শিক্ষক ৰূপে প্রতিষ্ঠা কৰিলে৷ মধ্য, উজনি, নামনি মাজুলীত হৰি শহকীয়াহ তৈয়াৰ কৰা গোগোলৰ কঠৰ লগতে বাঁহ–বেতৰ অন্যান্য সামগ্রীসমূহৰ ৰাহজৰ মাজত সুকীয়া আদৰ আছে৷ বর্তমান এহ ১০৩ বছৰীয়া লোকজনে আজিও চছমা নিপিন্ধাকৈ অনায়াসে পঢ়িব পাৰে বাতৰিকাকত, পুথিপাঁজি৷ এটা সময়ত এদিনত দুহালকৈ মণিপুৰী বলধ গৰুৰে শালি–আহুৰ খেতি কৰা জীউৰাম বৰাই আজিও চফল ডেকাৰ দৰেহ কাম কৰি আহিছে৷

Leave A Reply