Breaking

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি

0 2,029

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩ জনকৈ ব্যক্তি । আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩১৬৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩১ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৩২ শতাংশ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ।

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৫৫৮৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৪৮৩গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১১০৭৫ গৰাকী ।

Leave A Reply