Breaking

উত্তৰাখণ্ডৰ হিম স্খলনৰ ঘটনাত সন্ধানহীন ১৫০জন লােকৰ ১২জন লােকক উদ্ধাৰ

0 2,064

উত্তৰাখণ্ডৰ হিম স্খলনৰ ফলত হঠাৎ হােৱা বানত ৰেইনী, বিৰাজী, আলকাপুৰী আৰু চিনাকা গাঁৱৰ পৰা কালি ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি ডেৰাডুনৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰিছে। অঞ্চলটোত হােৱা বানৰ পাছত ১৫০জন লােক সন্ধানহীন হৈ আছিল আৰু ইয়াৰে ১২জন লােকক উদ্ধাৰ কৰা হৈছে।

প্রধানমন্ত্রী মোদীয়ে কালি উত্তৰাখণ্ডৰ হিম স্খলনৰ পাছৰ পৰিস্থিতি পর্যালােচনা কৰি‌ সমগ্র দেশ উত্তৰাখণ্ডৰ সৈতে আছে বুলি আশ্বাস প্রদান কৰে। প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱট আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতে।

গৃহমন্ত্রী অমিত স্বাহে ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে‌ আৰু ৰাজ্যখনলৈ সকলােধৰণৰ সহায় সহযােগিতা আগবঢ়াব বুলিও প্রকাশ কৰে। শ্বাহে লগতে কয় যে, তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱতৰ সৈতে কথা পাতিছে আৰু সংশ্লিষ্ট বিষয়াসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে ।

Leave A Reply