Breaking

দেশত ১২০ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

0 1,292

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ইতিমধ্যে ২৩০ বিশেষ ৰে’ল চলিছে ৷ ইয়াৰ পাচত আন ১২০ বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ আনলক ৪ আৰম্ভ হোৱাৰ পাচত আৰম্ভ হৈছে মেট্ৰ’ ৰে’ল সেৱা ৷ ৰে’ল ব’ৰ্ডৰ সূত্ৰই জনোৱা মতে ৰে’ল চলাবৰ বাবে ৰাজ্যবোৰৰ লগত আলোচনা কৰিছে ৰে’ল কৰ্তৃপক্ষই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সেউজ সংকেত পালে প্ৰায় ১০০ খন ৰে’ল চলোৱা হ’ব ৷ পাচত বঢ়োৱা হ’ব ৰে’লৰ সংখ্যা ৷ ৰে’লবোৰ চলিব বিভিন্ন ৰাজ্য আৰু ৰাজ্যৰ ভিতৰত ৷ উল্লেখ্য যে ক’ৰোনা সংক্ৰমণৰ মাজতে পৰ্যটক, শিক্ষাৰ্থী, বিভিন্ন ৰাজ্যত বন্দী হৈ থকা মানুহ আৰু শ্ৰমিকৰ বাবে ১ মে’ৰ পৰা এক্সপ্ৰেছ আৰম্ভ কৰিছিল ৷ ৰাজ্যবোৰৰ সৈতে পৰামৰ্শ লৈ ক’ৰোনা স্বাস্থ্য বিধি মানি আৰম্ভ হৈছিল এই ৰে’ল চলাচল ৷ ইপিনে ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে জনায় যে দেশৰ ৯৬০টা ষ্টেচন সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰিছে ৷ ২০৩০ চনৰ ভিতৰত দেশৰ সকলো ষ্টেচনত সৌৰ বিদ্যুতৰ ব্যৱস্থা কৰা হ’ব ৷ সেই ষ্টেচনৰ ভিতৰত আছে নতুন দিল্লী, পুৰণা দিল্লী, ছেকেন্দ্ৰাবাদ, কলকাতা, গুৱাহাটী, হাইদৰাবাদ ৷

Leave A Reply