Breaking

টিংখাঙত নিজামুদ্দিন ফেৰৎসহ ১৩ জনক কোৱাৰেণ্টাইন

0 52

টিংখাং

বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহা লোকসকলক অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে। স্থানীয় প্ৰশাসনে অঞ্চলটোৰ শ্ৰীবাংগোৰ আৰু শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুটা কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে।এই দুখন শিক্ষানুষ্ঠানৰ লগতে অঞ্চলটোৰ আন কেবাখনো শিক্ষানুষ্ঠানত প্ৰশাসনে কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত মহিলাসহ ১৩ জন লোকক কোৱাৰেণ্টাইনত কৰা হৈছে। এই লোক কেইজনক দেওবাৰৰ সন্ধিয়া শিবিৰটোত ভৰ্তি কৰা হয়। শিবিৰটোত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা অঞ্চলটোৰ তিনিজন যুৱককো ৰখা হৈছে। ৰাজগড়ৰ এই তিনি যুৱকে দিল্লীৰ মাৰ্কাজলৈ গৈ লকডাউনৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত আবদ্ধ হৈ আছিল।বহিঃৰাজ্যৰ পৰা অহাৰ পাছতে তিনিজন যুৱককে শিবিৰটোত কোৱাৰেণ্টাইন কৰা হৈছে। শিবিৰটোত কোৱাৰেণ্টাইন কৰাৰ পূৰ্বে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। কোৱাৰেণ্টাইনত থকা লোকসকলে শিবিৰটোত থকা সময়ছোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা অতি সুন্দৰকৈ কৰা হৈছে বুলি প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে বৰবাম গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে শিবিৰটো পৰিচালনা কৰিছে। তদুপৰি সমষ্টিটোৰ বিধায়ক বিমল বড়াই শিবিৰটো নিজে তদাৰক কৰা বুলি জানিব পৰা গৈছে। শিবিৰটোলৈ দুই এদিনৰ ভিতৰতে বহু সংখ্যক অহাৰ সম্ভাৱনা আছে। এই শিবিৰটোত শতাধিক লোকক কোৱাৰেণ্টাইন কৰাৰ বাবে সাজু কৰি ৰখা হৈছে। আনহাতে টিংখাং অঞ্চলত এই পৰ্যন্ত প্ৰায় পঞ্চাছজনৰো অধিক লোক হোম কোৱাৰেণ্টানত থকাৰ কথা জানিব পৰা গৈছে।

Leave A Reply