Breaking

চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ দীপাৱলীৰ শুভেচ্ছা ৷ দীপাৱলী উপল্যক্ষে ৰামপুৰৰ পাঁচশ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ…

0 90

পোহৰৰ উৎসৱ দীপাৱলী উপল্যক্ষে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ গাঁৱৰ লোকসকলৰ মাজত শুকান খাদ্য সামগ্ৰী যোগান ধৰে চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীয়ে ৷ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাৰ নিৰ্দেশ মৰ্মে বাহিনীৰ কুৰিজনীয়া বিষয়া-জোৱানৰ দল এটিয়ে ৰামপুৰ গাঁওত উপস্থিত হৈ খাদ্য সামগ্ৰী সমূহ যোগান ধৰে ৷

ৰামপুৰ গোপাল মন্দিৰ প্ৰাংগণত ৰামপুৰ ৰাস পৰিচালনা সমিতিৰ সহযোগত গাঁওখনৰ পাঁচ শতাধিক পৰিয়ালক শিশুৰ বিস্কুট, চকলেট, চাউল, দাইল ইত্যাদি শুকান জাতীয় খাদ্য সামগ্ৰী আৰু ফলৰ ৰস যোগান ধৰে ৷ ৰামপুৰ ৰাস পৰিচালনা সমিতিৰ সভাপতি ৰমনী নাথৰ সভাপতিত্বত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত ৰামপুৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি পদ্মধৰ দাস, ৰামপুৰ ৰাস পৰিচালনা সমিতিৰ সম্পাদক তৰণী দাস, ৰামপুৰ গাঁৱৰ গাঁওপ্ৰধান মুনিন নাথ, সমাজকৰ্মী যুগল গোস্বামীকে প্ৰমুখ্য কৰি গাঁওখনৰ নেতৃস্থানীয় ব্যক্তি সকলে উপস্থিত থাকি খাদ্য-সামগ্ৰী বিতৰণ অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰে ৷ চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ পৰিদৰ্শক দনপতি নাথৰ নেতৃত্বত হাবিলদাৰ ক্ৰমে জ্যোতিষ শইকীয়া, কনিষ্টবল ক্ৰমে মনোজ কুমাৰ চৌধুৰী, চফিকুৰ ৰহমান, পুলক নাথ, ইছমাইল হুছেইন, হাবিলদাৰ ক্লাৰ্ক ৰাজেশ ইংতি, আৰক্ষী জোৱান ৱাজেদ আলীকে ধৰি কেইবাজনো জোৱানে উপস্থিত থাকি খাদ্য সামগ্ৰী সমূহ যোগান ধৰে ৷ চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ এনে পদক্ষেপক গাঁওবাসী প্ৰশংসা কৰে ৷ বাহিনীৰ এনে প্ৰশংসনীয় কৰ্মত ৰামপুৰ ৰাস পৰিচালনা সমিতিয়ে প্ৰশংসা কৰি বাহিনীৰ বিষয়া- জোৱানসকল একোখনকৈ ফুলাম গামোচা পিন্ধাই ধন্যবাদ জনায় ৷

উল্লেখ্য যে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক মধুৰ কৰাৰ লক্ষ্যৰে দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি নলবাৰীৰ জিলাৰ বৰক্ষেত্ৰী আৰু বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কেইবাখনো গাঁৱৰ লোকৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ ইতিমধ্যে দুয়োটা সমষ্টিৰে প্ৰায় সাত সহস্ৰাধিক পৰিয়ালক এনে ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰি ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷ দীপাৱলী উপলক্ষ্যে চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীলৈ কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Leave A Reply