Breaking

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

0 995

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে।

ব’ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে বৃহস্পতিবাৰে ভাৰতৰ ৪ খন টেষ্ট, ৫ খন টি-২০ আৰু ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন কৈ ODI শৃংখলাৰ তাৰিখ ঘোষণা কৰে। দুমহীয়া শৃংখলাখন প্ৰথম টেষ্টৰ বাবে চেন্নাইত ৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হব। খেলসমূহ ৮ মাৰ্চত সমাপ্ত হব।

ইয়াৰ পিছত T20I শৃংখলাখন ১২মাৰ্চৰ পৰা ২০মাৰ্চলৈ অনুস্থিত হ’ব। ইয়াৰ পিছত, ভাৰত আৰু ইংলেণ্ডে ২৮ মাৰ্চত সমাপ্ত হোৱা ODI শৃংখলাখন খেলিব।

এই দীঘলীয়া আৰু ব্যস্ত শৃংখলাৰ পিছত, আই পি এল ২০২১-ৰ বাবে তেওঁলোকৰ সংশ্লিষ্ট আই পি এল ৰ গ্ৰাঞ্চাইজিত যোগদান কৰাৰ আগতে খেলুৱৈসকলে বিৰতি বিচাৰিব। খেলুৱৈসকলে ১০ দিনৰ বিৰতিৰ পিছত নতুন আই পি এলৰ বাবে সাজু হ’ব।

বি চি চি আইয়ে সম্ভৱতঃ ১০ এপ্ৰিলৰ পিছত নতুন সংস্কৰণ টো আয়োজন কৰিবলৈ সিদ্ধান্ত ল’ব। ই খেলুৱৈসকলক তেওঁলোকৰ ধাৰ্যকৰা নতুন দলৰ সদস্যসকলৰ সৈতে অনুশিলন কৰিবলৈ কিছু সময় দিব, যদি প্ৰস্তাৱিত মেগা-নিলাম হয়।

আকৰ্ষণীয় কথা যে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে নতুন সংস্কৰনৰ বাবে দুটা নতুন দল পৰিচয় কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ২৪ ডিচেম্বৰত ।

Leave A Reply