Breaking

মালিগাঁওৰ পাহাৰীয়া অঞ্চলত ১৫ টা চুলাই মদৰ ভাটী ধ্বংস

0 1,035

ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও  ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত অভিযান  তীব্রতৰ কৰি তুলিছে । আনহাতে ৰাজ্যৰ  আন আন কেবাখনো জিলাৰ দৰে   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত  পাণ্ডু আৱকাৰী চক্ৰই কালি মালিগাঁও আৰক্ষী চকীৰ সহযোগত পাহাৰীয়া অঞ্চল ক্ৰমে আডিংগিৰি  আৰু মিঠা আমৰতলত  চুলাই মদৰ ভাটীত এক বৃহৎ অভিযান চলায়   ।  অভিযানত  ১৫ টা  চুলাই মদ প্ৰস্তুত কৰা ভাটী  ধ্বংস কৰা হয় । অৱশ্যে অভিযানত  কোনো লোককে আটক কৰিব পৰা নগলেও প্ৰায়  ৪০০  লিটাৰৰো অধিক  চুলাই মদ , ৬,৬০০  কেজিৰো  অধিক চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু   বিভিন্ন সা সঁজুলি জব্দ  কৰা হয় ।উল্লেখযোগ্য যে ১৩ জুলাইতো আৱকাৰী বিভাগে অঞ্চলটোত অভিযান চলাই ১৩ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী  ধংস কৰিছিল ।

Leave A Reply