Breaking

বৰপেটাত শিক্ষক দিৱসত ১৭ কৃতি শিক্ষকক সম্বৰ্দ্ধনা

0 2,056

দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি শিক্ষক দিৱস জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১৭ গৰাকী বিদ্যালয়ৰ শিক্ষকক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰা হয়। তদুপৰি যোৱা কৰোনা মহামাৰীৰ সময়চোৱাত অন লাইন পাঠদানেৰে উল্লেখণীয় কৃতিত্ব প্ৰদৰ্শন কৰা আন ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ভাষণ দি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে শিক্ষক সকলৰ যত্ন আৰু কষ্টৰ ফলতে আজি আমি সমাজত মানুহ ৰূপে স্বীকৃত হৈছো। সেয়েহে শিক্ষাগুৰু সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় অটুট থাকে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শনৰ বিষয়ে কয় হাউলীৰ বি এইছ কলেজৰ অধ্যক্ষ ড: ভূষণ চন্দ্ৰ পাঠকে। তেখেতে সাম্প্ৰতিক কালত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়েও সভাত সাৰুৱা ভাষণ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস, জিলা পুথিভঁৰাল বিষয়া জয়া চৌধুৰী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃতি শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক-শিক্ষক হিৰণ শ‌ইকীয়া লহকৰে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

Leave A Reply