Breaking

বন্ধুৰ ঘৰত আলহী খাবলৈ গৈ ১৭ বছৰীয়া ছাত্ৰৰ মৃত্যু

0 1,582

চাপৰৰ আৰেয়াৰঝাৰত শোকাকুল পৰিৱেশ

১৭ বছৰীয়া ছাত্ৰৰ মৃত্যুত গোটেই অঞ্চলজুৰি শোকৰ ছাঁ পৰে

বঙাইগাঁও জিলাৰ বইটামাৰীত জলাখাতাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল সোমবাৰে

পুখুৰীত সাঁতুৰিব গৈ সলিল সমাধি ঘটিছিল এজন ছাত্ৰৰ

সলিল সমাধি ঘটে ৰাণাধ্বজ ৰাজবংশী (17) নামৰ ছাত্ৰজনৰ

বন্ধুৰ ঘৰত আলহী খাব গৈ এই শোকাৱহ ঘটনা সংঘটিত হৈছিল

ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ বাসিন্দা ভূপেন ৰায়ৰ একমাত্ৰ পুত্ৰ সন্তানে যোৱাকালি বঙাইগাঁও জিলাৰ বইটামাৰীত জলাখাতাত এক শোকাৱহ দুৰ্ঘটনা পতিত হয়

উল্লেখ্য যে ৰাণাধ্বজে তেঁওৰ আন এগৰাকী বন্ধুৰ সৈতে জলাখাতাৰ বাসিন্দা তথা ৰাণাধ্বজৰ বন্ধু এগৰাকীৰ গৃহত আলহী খাব যায় আৰু শৰীৰ শাত পেলাবলৈ স্থানীয় পুখুৰী এটাত গা ধুব নামি পানীত বুৰ গৈ মৃত্যু ঘটে

ছাত্ৰ জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে

অৱশেষত ৰাণাধ্বজৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰোত্তৰ পৰীক্ষা কৰি আজি ঘৰলৈ লৈ আহে

মৃতদেহটো ঘৰত উপস্থিত হোৱাৰ লগে লগে পৰিয়াল তথা গাঁওৰ ৰাইজৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

Leave A Reply