Breaking

ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি পালে অসমৰ ১৭৫ জন এন চি চি কেডেটে ; নাৰেংগী সেনা ছাউনীত আটাইকে সম্বৰ্ধনা জনালে মন্ত্ৰী নন্দিতা গাৰ্লোচাই

0 53

ভাৰত চৰকাৰে দুবছৰ পূৰ্বে দেশৰ সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা ক্ৰমে – স্থল সেনা , নৌ সেনা আৰু বায়ু সেনাত জোৱান পদত নিযুক্তিৰ বাবে চাৰি বছৰীয়া অগ্নিবীৰ নামৰ নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ পিছত দেশজুৰি বিজেপি বিৰোধী ৰাজনৈতিক – অৰাজনৈতিক দল – সংগঠন সমূহে এই নতুন পদ্ধতিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰিছিল। আনকি এই নতুন পদ্ধতি বাতিল কৰিবলৈও আহ্বান জনাইছিল বিৰোধী ৰাজনৈতিক দল সমূহে। কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজ স্থিতিত অটল থাকি ২০২২ চনৰ পৰা সশস্ত্ৰ বাহিনী সমূহত অগ্নিবীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে।

সেই বিজ্ঞাপনৰ বিপৰীতে দেশৰ হাজাৰ হাজাৰ যুৱক – যুৱতীয়ে আবেদন কৰে। তাৰ পাছত নিৰ্বাচিত যুৱক – যুৱতীসকলে তেওঁলোকৰ এবছৰীয়া কঠোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। ইতিমধ্যে ভাৰতীয় সেনাত নিযুক্তি লাভ কৰা প্ৰায় দুই হাজাৰৰো অধিক অগ্নিবীৰ জোৱানক নিৰ্বাচিত স্থানত দেশমাতৃৰ সেৱাৰ বাবে সাজু কৰি তুলিছে উৰ্ধতম কৰ্তৃপক্ষই। ইয়াৰ ভিতৰত অসমৰ পৰাও বহুতে নিযুক্তি লাভ কৰিছে, য’ত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ ১৭৫ জন কেডেটেও নিযুক্তি লাভ কৰিছে।

অগ্নিবীৰত নিযুক্তিৰ বাবে অসমৰ প্ৰায় ৪০০ জন কেডেটে সাক্ষাৎকাৰত অবতীৰ্ণ হৈছিল। আনহাতে এন চি চিৰ পৰা নিযুক্তি লাভ কৰা ১৭৫ জন কেডেটক সম্বৰ্ধনা জনোৱা উপলক্ষে শুকুৰবাৰে নাৰেংগী সেনা ছাউনীৰ ব্ৰহ্মপুত্ৰ হলত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ উদ্যোগত দুপৰীয়া বাৰ বজাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অৱশ্যে অনুষ্ঠানটোত ৭৫ জন কেডেট উপস্থিত আছিল। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অগ্নিবীৰত নিযুক্তি লাভ কৰা ১৭৫ জন এন চি চি কেডেটক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী নন্দিতা গাৰ্লোচাই। মন্ত্ৰী গৰাকীযে নিযুক্তি লাভ কৰা কেডেটসকলৰ উজ্বল ভবিষ্যত কামনা কৰি বিভাগীয় পৰীক্ষাৰ জৰিয়তে তেওঁলোক যাতে আৰু ওপৰৰ পদবী লাভ কৰিব পাৰে তাৰ কামনা কৰে। অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেবাজনো উচ্চপদস্থ বিষয়া , এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দিনকৰ দীঘেকে ধৰি কেবাজনো সেনা বিষয়া উপস্থিত থাকে।

Leave A Reply