Breaking

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

0 47

মঙলদৈ

 বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন ঘটে মুঠ ১৭৫ জন লোকৰ। প্ৰতিজন লোককে ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে দেওবাৰে দিনৰ ভাগত ১১১ জন লোকৰ বহিঃৰাজ্যৰ পৰা জিলাখনলৈ আগমন ঘটাৰ পিছত পুৱতি নিশা উপস্থিত হয় ৩১ জন লোক। এই ৩১ জন লোকৰ ভিতৰত ২৬ জনক খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হোষ্টেলত ৰখাৰ বিপৰীতে ৫জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে দিনৰ ভাগতেই উপস্থিত হোৱা ১১১ জন লোকৰ ভিতৰত ৬৫ জনক ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত, ৪৫ জনক মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত আৰু ১জনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে। ইতিপূৰ্বে বহিঃৰাজ্যৰ পৰা জিলাখনলৈ অহা ৩৩ জন লোকক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ইফালে দেওবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৭১৩ টা শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৬০৪ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা প্ৰতিজন লোকৰে শ্লেষৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।

Leave A Reply