Breaking

১৮ তম ৰাষ্ট্ৰীয় পুল লাইফ চেভিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

0 58

৮ জুনৰ পৰা ১১ জুনলৈ বাংগালোৰত ১৮ তম ৰাষ্ট্ৰীয় লাইফ চেভিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় । দেউবাৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনিত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰে।

অসম দলৰ মেনেজাৰ ধনঞ্জয় দাসে বাংগালোৰৰ পৰা জানিব দিয়া মতে ১৬ বছৰৰ অনুৰ্ধৰ শাখাত অসমৰ চিন্ময় বুঢ়াগোহাঁয়ে দ্বিতীয় আৰু পাৰ্থ দত্তই তৃতীয় স্থান লাভ কৰে।

আনহাতে ১৯ বছৰৰ অনুৰ্ধৰ শাখাত অসমৰ কমল কৃষ্ণ দাসে ৪ৰ্থ স্হান লাভ কৰে।অসম দলৰ পৰা প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকল ক্ৰমে কমল কৃষ্ণ দাস, ৰিমা লিম্বু, ভুমি লিম্বু, ৰাজু লিম্বু, আনৱেচা গৌতম, পাৰ্থ দত্ত, চিন্ময় বুঢ়াগোহাঁয়, বীৰেন্দ্ৰ নেৱৰ, ধীৰাজ ভূষণ তেৰণ, নিহাল হাজৰিকা আৰু প্ৰাঞ্জল শইকীয়া।

অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে পদক অৰ্জন কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Leave A Reply