Breaking

খাগ্ৰাবাৰীত ১৯সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা ভলীবল স্বৰ্ণ কাপ চেম্পিয়নশ্বিপ

0 2,043

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খাগ্ৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সহযোগত ওদালগুৰি জিলা খাগ্ৰাবাৰী জনতা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা বডোছা  স্বৰ্ণ কাপ ভলিবল চেম্পিয়নশ্বিপ।বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা এগৰাকী মহান নেতা অন্ঠাইগ্ৰা বডোছাৰ স্মৃতি সোঁ‌ৱৰণিত বিগত ১৮ বছৰে  ৯ জানুৱাৰী দিনটোত খাগ্ৰাবাৰী অঞ্চলত ভলিবল খেল অনুষ্ঠিত কৰি আহিছে। যাৰ পৰিপেক্ষিতত এইবেলিও ৭ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ৯ জানুৱাৰীলৈ তিনিদিনিয়া কাৰ্যসূচীৰে ওদালগুৰি জিলা খাগ্ৰাবাৰীত অনুষ্ঠিত কৰা হৈছে ১৯ সংখ্যক সৰ্বভাৰতীয় অন্ঠাইগৌৰা ভলীবল চেম্পিয়নশ্বিপ।

 
বিভিন্ন ঠাইৰ পৰা প্ৰায় ১২ টা দলে অংশ গ্ৰহণ কৰা  উক্ত ভলিবল প্ৰতিযোগিতাখন আজি ৮ জানুৱাৰী শনিবাৰ দিনা সুভ মুকলি কৰে  বিটিআৰ ক্ৰীড়া, আৰু সাংস্কৃতিক  বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োয়ে।


লগত উপস্থিত থাকে ক্ৰমে সদৌ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়ো, ওদালগুৰি জিলা বিদ্যালয় উপ পৰিদৰ্শক ভূমিধৰ বড়ো,অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষী ৰাম বড়ো, ভেৰগাঁ‌ও জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি খৰ্গেশ্বৰ বৰা, টংলা ক্ৰীড়া সন্থাৰ সম্পাদক ভাৰত ৰাভাৰ লগতে  ক্ৰীড়া সন্থা আৰু এবছুৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

বিগত বছৰত এই খেল প্ৰতিযোগিতা দেশৰ বিভিন্ন ৰাজ্যৰ পৰা খেলুৱৈ আহি অংশ গ্ৰহণ কৰিছিল কিন্তু এইবেলি কৰ’না আৰু অমিক্ৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰু সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা অনুযায়ী কিছু সিথিলভাৱে খেল খন অনুষ্ঠিত কৰিছে আৰু সম্পূৰ্ণভাৱে ক’ভিডৰ সতৰ্কতা অৱলম্বন কৰা হৈছে বুলি উদ্যোগক্তা সকলে জানিব দিয়ে ।

Leave A Reply