Breaking

লাংহিনত ১৯ নং ডিফু বিধান সভা মুখ্যমন্ত্ৰী আদিবাসী চাহ জনজাতি ফুটবল সম্পন্ন: বিধায়ক বিদ্যাছিং ইংলেঙে বিলালে ট্ৰফী

0 54

ৰাজ্যৰ সমগ্ৰ বিধান সভা সমষ্টিৰ মাজত চলি থকা মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল চেম্পিয়নশ্বিপ লগতে ১৯ নং ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিযোগিতা খনি বৃহস্পতিবাৰে লাংহিন গৰৈমাৰী ষ্টেডিয়াম গ্ৰাউণ্ডত সফলতাৰে সামৰণি পৰে।

প্ৰতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত কুটকুট বস্তি আদিবাসী এফ চিয়ে হাতীদণ্ডী আদিবাসী এফ চিক ৩-০ গলৰ ব্যৱধানত, দ্বিতীয়খন চেমিফাইনেলত ধনশিৰী আদিবাসী এফ চিয়ে মলেজবস্তি আদিবাসী গল্ডেন ক্লাৱক ২-১ গলত পৰাভূত কৰি ফাইনেল খেলৰ যোগ্যতা অৰ্জন কৰে।

বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত চূড়ান্ত খেলখনত কুটকুট বস্তি আদিবাসী এফ চিয়ে ধনশিৰী আদিবাসী এফ চিক ৪-২ গলত পৰাভূত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।

চূড়ান্ত খেলখন ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে শুভ উদ্বোধন কৰাৰ লগতে জয়ী দলৰ মাজত ট্ৰফী আৰু মেডেল বিতৰণ কৰে আনহাতে স্থানীয় এম এ চি তথা কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীয়ে পৰাজয়ী দলক ট্ৰফী আৰু মেডেল প্ৰদান কৰে।

চাহ জনগোষ্ঠীৰ জাতীয় সংগঠন সমুহৰ বিষয়ববীয়া সকলৰ লগতে কাছাৰ বিষয়ববীয়া সকল আৰু জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙেও বটাঁ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল চেম্পিয়নশ্বিপৰ সফল সামৰণিত সংশ্লিষ্ট সকলো পক্ষলৈ জিলা ক্ৰীড়া বিষয়া ৰংহাঙে ধন্যবাদ জনায়।

Leave A Reply