Breaking

২০০০ নাগাৰা, ২০০০শংখ,২০০০ উৰুলিৰ ধ্বনি,২০০০ মহিলাৰ দিহানামেৰে মুখৰিত উত্তৰ গুৱাহাটীৰ নামঘৰৰ আকাশ-বতাহ

0 87

আউনীআটী সত্ৰ, উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈ থকা ‘নামঘৰ সমাৰোহ’ৰ আজি দ্বিতীয় দিনা ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাৰ দিহানাম অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰি আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।উদ্বোধন কৰি পীতাম্বৰ দেৱ গোস্বামীয়ে আই সকলক উদ্দেশ্যি কয় আপোনালোকৰ মুখৰ পৰাই ভগৱানৰ ব্ৰহ্ম বাক্য উচ্চাৰণ কৰাবলৈ বিচাৰিছোঁ যাতে সমাজৰ পৰা কলুষতা আতৰি যাব আৰু মাতৃ স্বৰূপা আই সকলৰ মুখৰ পৰা এই ব্ৰহ্ম বাক্য যদি সচা অৰ্থত উচ্চাৰণ হয় তেনে ঘৰ খনৰ লগতে সমাজ খনো একপ্ৰকাৰে সংস্কাৰ হৈ উঠিব।

সেই বাবেই আমি ইয়াত মাতৃ সকলক সমবেত কৰি তেখেত সকলৰ মুখেৰেই হৰিনামৰ ধ্বনি শুনিব বিচাৰিছোঁ লগতে কয় যে আমাৰ কেইবাগৰাও মাতৃ আছে। তাৰ ভিতৰত জন্মদাত্ৰী মাতৃ, জন্মভূমি মাতৃ,বেদমাতা,গো মাতা আৰু গুৰুমাতা এই পঞ্চ মাতাক যদি কোনোবাই ত্যাগ কৰে সমাজখন কেতিয়াও শৃংখলিত হৈ নাথাকে। এই পঞ্চমাতাক সন্মান কৰিলেহে সমাজখন সুৰক্ষিত হৈ থাকিব।

পঞ্চপদী গুৰুৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গুৰু হৈছে মাতৃ। সেয়ে আপোনালোক শ্ৰেষ্ঠ গুৰুৰ স‌ংজ্ঞাৰে বিভূষিত বুলি উল্লেখ কৰে। সত্ৰাধিকাৰ গৰাকীয়ে কয় যে-হিৰণ্য কশিপুৰৰ পত্নী কয়াধুৰৰ আছিল অতি ভক্তি মতি। সেই কয়াধুৰৰ গৰ্ভৰ পৰাই ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল। কয়াধুৰৰ যত্নতে প্ৰহ্লাদ ভক্তি মন্ত্ৰ হৈছিল আৰু একৈশ পুৰুষ উদ্ধাৰ কৰিছিল। তেওঁ ভক্ত প্ৰহ্লাদৰ প্ৰসংগ উল্লেখ কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰি মাতৃ সকললৈ আহ্বান জনাই কয় যে- মাতৃ সকল আপোনাসবে সন্তান জন্ম দিয়া, প্ৰতিপালিত কৰাৰ ক্ষেত্ৰত সাত্বিক মনোভাৱ গ্ৰহণ কৰিব। সাত্বিক মনোভাৱে সন্তান জন্ম বা প্ৰতিপালিত কৰিলে প্ৰহ্লাদ নহলেও জ্ঞানৱন্ত,ভক্তিৱন্ত হব আৰু তেনে সন্তানেহে সমাজখন সুস্থিৰ কৰি ৰখাত সহায় কৰিব বুলি উল্লেখ কৰে। ইয়াৰ পিছতেই নাগাৰাৰ গুৰু ঘাটৰে আৰম্ভ হোৱা অনুষ্ঠানত উৰুলি, ডবা-শংখৰ ধ্বনিৰ মাজত ২০০০ নাগাৰা, ২০০০ শংখ, ২০০০ উৰুলিৰ ধ্বনিৰে ২০০০ মহিলাই ‘কৃষ্ণ গোসাই জন্ম লৈলে কংসৰ কাৰাগাৰে…’ শীৰ্ষক হৰিনামৰ ধ্বনিৰে বৰলুইতৰ পাৰৰ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ সমগ্র অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

অনুষ্ঠানত চেলেং চাদৰ, গামোচা লৈ সাত্বিক ভাৱেৰে একেলগে বহি আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ আশীৰ উৰ্ধৰ মাতৃ আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়েও দিহানাম পৰিৱেশন কৰে। উক্ত অনুষ্ঠানৰ শেষত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয় যে- মাতৃ সকল পৰিচালিকা শক্তি হিচাপে থাকিব পাৰে কিন্তু আজি আমি সকলো নামেৰে এক হৈছোঁ। এনে অখণ্ড সমাজ কেৱল অসমতহে প্ৰৱত্ৰী আছে। এই বাৰ্তা বিশ্বলৈ সম্প্ৰসাৰিত হৈছে আৰু আপোনালোকে এই শক্তিশালী মনটো লৈ ঘৰলৈ যাব আৰু এই কথা দৃঢ় হৈ থাকিব লাগিব। অসমীয়া সমাজ এখন মালাৰ দৰে। মালাত যেনেকৈ বিভিন্ন ধৰণৰ ফুল থাকে তেনেদৰে অসমীয়া জাতি বিভিন্ন সম্প্ৰদায়, সংস্কৃতিৰ জাতি আৰু আই সকল এই বৰণীয়া মালাৰ সুগন্ধি পুষ্প। এই কথা আজি আপোনালোকে সুঁৱৰাই দিলে। আজি ইয়াত থকা সকলোৱে অসমীয়া জাতি হিচাপে পৰিচয় দিছে। আজি ইয়ালৈ অহা মিছিং, কোঁচ-কছাৰী, ৰাভা-বড়ো নেপালী, বেংগলী সকলো মিলিয়েই অসমীয়া জাতি বুলি তেওঁ তাৎপৰ্যভাৱে উল্লেখ কৰে। ইফালে আজি নামঘৰ সমাৰোহৰ দ্বিতীয় দিনা আৰু বহুকেইটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ক্ৰমে আউনীআটী সত্ৰ, মাজুলীৰ বৈৰাগী নাম, সত্ৰশাল নামঘৰ, ধুবুৰীৰ থিয় নাম, অৰূপ শইকীয়া দেওৰজা শিৱসাগৰৰ অভিনয়ধৰ্মী দিহানাম, ৰুনুমী নাথ, গাছবাৰী কামৰূপৰ ৰুনুমী নাথৰ নাগাৰা নাম, মৃদুস্মিতা ৰাজগুৰু, গীতালি শৰ্মা আৰু সংগীবৃন্দৰ ক্ৰমে আইনাম, ধাইনাম, অপেশ্বৰা সবাহৰ নাম, শিশু উমলা, সুচনী আৰু লখিমী সবাহৰ নাম, মাজুলী বোকাবিল মিছিং মহিলা দলৰ দিহানামকে আদি কৰি ঘৰফলীয়া নাম, হিয়ানাম,নাগাৰা নাম, দিহানাম, প্ৰকৃতি দিহানাম, বেংগলী আই দিহানাম, আখ্যানধৰ্মী দিহানাম, চহা দিহানাম, সমন্বয় হীৰানামৰ অনুষ্ঠান অনুষ্ঠিত হয়।

◼️উত্তৰ গুৱাহাটী স্থিত আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অংশগ্ৰহণ-

বিশ্বৰ বুকুত এখন শক্তিশালী সমাজ নিৰ্মাণৰ বাবে শিক্ষা, সংস্কৃতি, আধ্যাত্মিকতা অত্যন্ত প্ৰয়োজন :সোনোৱাল : যোৱা ২ ডিচেম্বৰৰ পৰা উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত অনুষ্ঠিত নামঘৰ সমাৰোহৰ আজি দ্বিতীয় দিনা সন্ধিয়া সমাৰোহত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰথমেই নামঘৰ সমাৰোহ উদযাপন সমিতিৰ হৈ সভাপতি তথা আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে এখন ৰাঙলী শৰাই, বেতৰ বিচনী, এটি বিশেষ জাপিৰে আদৰণি জনায়। ইয়াৰ পিছতেই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালে ৰখা ভাষণ প্ৰসংগত কয় যে-আমাৰ অসমীয়া সমাজ খনৰ প্ৰতি গুৰুজনাই যি আদৰ্শ দেখুৱাই গৈছে আজি সেই আদৰ্শক কৰ্ম জীৱনত বাস্তৱায়িত কৰাৰ নিমিত্তে আউনীআটী সত্ৰৰ অধিকাৰে যি উদ্যোগ লৈছে আমি সকলোৱে এই উদ্যোগৰ অন্যতম অংশীদাৰ হিচাপে আমি আন্তৰিকতাৰে ভাগ লব লাগিব। মই ইয়াত আহি উমান পাইছোঁ ভক্তি ভাৱেৰে এই মহা স্থানত এটি শক্তিশালী আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠিছে। মনৰ শান্তি, শৰীৰৰ শান্তি, আধ্যাত্মিক চেতনা শক্তি মানৱ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ।

তেওঁ আৰু কয় যে-ভক্তিত শক্তি আছে,শান্তি আছে। এই সমাৰোহৰ পিছত ইয়াত লাভ কৰা আধ্যাত্মিক, নৈতিক চেতনা শক্তিৰে প্ৰতিটো অঞ্চলত গভীৰ ভাৱে এক চেতনাৰ সম্প্ৰসাৰণ কৰিলে সমাজখনত শান্তিৰে উপচি পৰিব। তেওঁ আৰু কয় যে-আমাৰ সমাজ খনত একবিংশ শতিকাত যি সময়ত বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিশ্ব মানৱ সমাজত প্ৰভাৱ বিস্তাৰ কৰিছে সেই সময়ত মানৱীয় মূল্যবোধ, মৰম-স্নেহ, আন্তৰিকতা , শ্ৰদ্ধা ভক্তি আৰু মানৱ প্ৰেম সকলো সময়তে আমাৰ মাজত যাতে জীয়াই থাকে, মানৱীয় অনুভূতিৰে যেন সমাজখন প্ৰানৱন্ত হয়,সাংস্কৃতিৱান হয়, আধ্যাত্মিক শক্তিৰে উদ্বুদ্ধ হয় তাৰ বাবে এনে অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে। বিশ্বৰ বুকুত এখন শক্তিশালী সমাজ নিৰ্মাণৰ বাবে শিক্ষা, সংস্কৃতি, আধ্যাত্মিকতা অত্যন্ত প্ৰয়োজন বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।সন্ধিয়ালৈ সপ্তৰ্ষী সমন্বয় শিল্পী সমাজ নাহৰকটীয়াৰ শিল্পী দলে “কাৰ্তিক-গণেশৰ জন্ম ৰহস্য” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও আউনীআটী সত্ৰ, মাজুলীৰ প্ৰসন্ন ভূঞা বায়নৰ একৈশটা খোলৰ ঘোষা ধেমালি আৰু শিৱসাগৰৰ ৰংগ কিশোৰ মহন্তই শিশুৰ একক অভিনয় প্ৰদৰ্শন কৰে। ইফালে কাইলৈ সমাৰোহৰ অন্তিম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

পৰাণজ্যোতি বৰা

Leave A Reply