Breaking

ড০হিমন্ত বিশ্ব শর্মালৈ নাহৰকটীয়াৰ মহিলাই আগবঢ়ালে ২ হাজাৰ হাতেবোৱা গামোচা

0 1,557

মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপে লাখ লাখ মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি৷ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঋণ ৰেহাইৰ বাবে লোৱা তৎকালীন ব্যৱস্থাই ধাৰৰ বৃহৎ বোজাৰ পৰা মুক্ত কৰিব বহু পৰিয়ালক৷ ঋণ আৰু সুদৰ দাঙিব নোৱাৰা বোজা বৈ ভাৰাক্রান্ত হৈ পৰা পৰিয়ালসমূহৰ মুখলৈ যেন এতিয়াহে পানী ঘূৰি আহিছে৷ সেইবাবেই গাঁৱৰ মহিলাসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ বিভিন্ন ধৰণে প্রদান কৰিছে কৃতজ্ঞতাৰ চিন৷ এই দৃশ্য আকৌ এবাৰ দেখা গ’ল জনতা ভৱনত৷

নাহৰকটীয়া সমষ্টিৰ ২,০০০গৰাকী মহিলাৰ এটি প্রতিনিধি দলে  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক তেওঁৰ জনতা ভৱনস্থিত কার্যালয় কক্ষত সাক্ষাৎ কৰি প্রকৃত ঋণগ্রস্তক অগ্রাধিকাৰ দি মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ অর্থে তেওঁ গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে কৃতজ্ঞতাৰ চিনস্বৰূপে ২০০০খন হাতেবোৱা গামোচা প্রদান কৰে৷ প্রতিনিধি দলটোৱে মুখ্যমন্ত্রীৰ হাতত এখন অভিনন্দন–পত্রও প্রদান কৰে৷

নাহৰকটীয়া সমষ্টিৰ মহিলাসকলৰ এই উপহাৰ আন্তৰিকতাৰে গ্রহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো ৰাজ্য চৰকাৰে প্রথমৰে পৰা গুৰুত্বসহকাৰে লৈ আহিছে৷ এইক্ষেত্রত চৰকাৰখনে গ্রহণ কৰা সিদ্ধান্তই ঋণগ্রস্ত দৰিদ্র মহিলাসকলক যথেষ্ট সকাহ প্রদান কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ আজিৰ এই সাক্ষাতৰ সময়ত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈও ডপস্থিত আছিল৷

Leave A Reply