Breaking

হিমাংশু প্ৰসাদ দাসলৈ ২০১৯-২০ বৰ্ষৰ যুৱ সাহিত্য বঁটা

0 2,432

অসমীয়া সাহিত্য সন্মিলনীৰ ২০২১-২৩ বৰ্ষৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে খাগৰিজান মহাবিদ্যালয় অৱসৰী অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক নগাঁৱৰ ড০ সাগৰ বৰুৱা। সন্মিলনীৰ সভাপতি লোকনাথ গোস্বামী, কাৰ্যকৰী সভাপতি অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী আৰু প্ৰধান সম্পাদক মিংকু কলিতাই কাকতলৈ দিয়া এক প্ৰেছ বিবৃতিত এই কথা সদৰি কৰে। উল্লেখ্য যে  Non-cooperation Movement in Assam  শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা বৰুৱাৰ ৫০ খনতকৈয়ো অধিক গৱেষণা পত্ৰ প্ৰকাশ পোৱাৰ লগতে প্ৰকাশিত গ্ৰন্থ সমূহ ক্ৰমে -ভাৰতৰ স্বাধীনতা আন্দোলনত অসম – ১ম, ২য় খণ্ড, ইতিহাস চৰ্চা, ইতিহাস আৰু ঐতিহাসিক, ইতিহাস অনুসন্ধান, কুৰি শতিকাৰ অসম আৰু লক -ডাউন, History of No- Coopeation Movement, Migration from East Bengal to Assam, Responses and Reaction, কাব্য সংকলন – তোমাৰ বাতৰি পাওঁ, নদীখনৰ পাৰলৈ যাওঁ, মন পথাৰৰ আকুলতা আদি। তদুপৰি তেখেতে Study of History in the  Twenty – First Century আৰু  Historical Studies in the Context of Globalization নামৰ গ্ৰন্থ দুখনো সম্পাদনা কৰিছে। আনহাতে একেটা বিবৃতিতে উল্লেখ কৰা অনুযায়ী সন্মিলনীৰ ২০১৯ -২০২০ বৰ্ষৰ সন্মিলনীৰ মহেশ্বৰ নাথ সোঁৱৰণী যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে সাম্প্রতিক অসমৰ বহু চৰ্চিত নাম হিমাংশু প্ৰসাদ দাসক। ১৯৮২ চনৰ ১ জানুৱাৰীত জন্মগ্রহণ কৰা হিমাংশু একেধাৰে কবি, নাট্যকাৰ, চলচ্চিত্রৰ কাহিনী, পৰিচালনা, নিৰ্মাতা হিচাপে বিশেষ ভাৱে পৰিচিত। NSD ৰ স্নাতক ডিগ্ৰীধাৰী হিমাংশু বৰ্তমানলৈকে প্ৰকাশিত কাব্যগ্রন্থ সমূহ ক্ৰমে প্ৰেম আৰু বিদ্ৰোহৰ দিনলিপি, জীৱন জিন্দাবাদ, আকৌ লগ পাম, এই ছোৱালী এবাৰ ভালপাই চাবানেকি, নাটক – মিচ ৰুক্মিণী হৰণ, মিৰাবাই, হেংদাং ফৰ চেল আদি, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু আদিৰ চলচিত্রৰ কাহনীকাৰ হিমাংশু প্ৰসাদ দাসে ২০০৩ চনতে ‘কটন কলেজ’ শীৰ্ষক দূৰদৰ্শন ধাৰাবাহিকৰ চিত্র নাট্য, সংলাপ আৰু সহ: পৰিচালক হিচাপে খোজ পেলাই পৰৱৰ্তী সময়ত বকুলতলৰ আদালত (ধাৰাবাহিক), চাকিৰা আহিব বকুল তলৰ বিহুলৈ, গৰু  (চলচিত্ৰ) পৰিচালনা কৰাৰ লগতে কুৰিখনৰো অধিক চিনেমা, ধাৰাবাহিকত অভিনয়, সহ: পৰিচালক, কাহিনী আদিৰ মাজেৰে নতুন প্ৰজন্মৰ হৃদয় স্পর্শ কৰিবলৈ সক্ষম হৈছে। কালি ৩ জানুৱাৰীত গুৱাহাটী পাণবজাৰস্থিত বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সভাগৃহত অনুষ্ঠিত সন্মিলনীৰ বিশেষ কাৰ্য্যনিৰ্বাহ সভাত ড০ সাগৰ বৰুৱাক সন্মিলনীৰ পৰৱৰ্তী সভাপতি আৰু হিমাংশু প্ৰসাদ দাসক যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ পৰামৰ্শ ভিত্তত  মনোনিত কৰা হয় বুলি প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া। অহা ৫, ৬, ৭ ফেব্রুৱাৰীত গোলাঘাটৰ দৈয়াংত অনুষ্ঠিতব্য অসমীয়া সাহিত্য সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনত হিমাংশু প্ৰসাদ দাসক উক্ত বঁটা প্ৰদান কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰিছে।

Leave A Reply