Breaking

অজিত কুমাৰ বৰালৈ ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা”

0 2,051

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল গাঁৱৰ নিবাসী গণকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক অজিত কুমাৰ বৰাক অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে “অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী”ৰ তৰফৰ পৰা ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা” প্ৰদান কৰা হয় | মৰিগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ৩ অক্টোবৰত “উত্তৰ-পূৱ সাহিত্য-সংস্কৃতি সন্মিলনী” ,”এচেৰেঙা ৰ’দালি” ,”অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী”ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত অজিত কুমাৰ বৰাক এই বঁটা প্ৰদান কৰা হয় | উল্লেখযোগ্য যে শিক্ষকতাৰ সমান্তৰাল ভাৱে সাহিত্য চৰ্চ্চা অব্যাহত ৰাখা বৰা বৰষুণ, দিচৈ নদীৰ ঢৌ, বৰষাপুৰৰ বৰষুণ, প্ৰভাতী সূৰুজৰ ৰং, শৰতৰ ডায়েৰী গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে তেওঁৰ ভালেমান লিখনি আলোচনী, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশিত হৈ আহিছে | তেওঁলৈ আগবঢ়োৱা এই সন্মানৰ বাবে অঞ্চলবাসীয়ে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰাৰ লগতে আপকু দেৰগাঁও মহকুমা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply