Breaking

মাজুলীৰ কবি, লিখক শংকুসিদ্ধ নাথলৈ ‘আজিৰ কবিতা’ৰ ২০২১ বৰ্ষৰ কাব্য প্ৰেৰণা বঁটা

0 2,064

 মাজুলীৰ যুৱ কবি তথা সাহিত্য সংগঠক দৰিয়া গাওঁৰ নিৱাসী শংকুসিদ্ধ নাথক “আজিৰ কবিতা”ৰ ২০২১-ৰ কাব্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয় | অসমৰ জনপ্ৰিয় কাব্য পত্রিকা ‘আজিৰ কবিতা’ৰ ৩য় সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ‘আজিৰ কবিতা’, মেজাংকৰী প্ৰকাশন আৰু নগাঁও আলিপুখুৰী শাখা সাহিত্য সভাৰ সন্মিলিত উদ্যোগত নগাঁওৰ বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অাজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা বটাঁ প্ৰদান , সম্বৰ্ধনা, গ্ৰন্থ উন্মোচনী আৰু কাব্যানুষ্ঠানৰ কাৰ্যসূচীত কবিগৰাকীলৈ এই বটাঁ প্ৰদান কৰা হয় | বিশিষ্ট সমালোচক তথা কবি বিপুল শৰ্মাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে সাহিত্য সংগঠক তথা কবি কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ প্ৰাঃ সভাপতি দিল্স লক্ষ্মীন্দৰ সিংহ, ৰোণাল্ডো টাইদ, হেমেন ৰাজবংশী, দুলাল বৰা, ইন্দ্ৰমোহন বৰুৱা,মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰাৰ পিছতে দুই শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত সভাখনৰ অন্যতম কাৰ্য্যসূচী স্বৰূপে শংকুসিদ্ধ নাথক তেওঁৰ অসমীয়া ভাষা সাহিত্য আৰু কাব্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে গামোচা, চেলেং, প্ৰশস্তি পত্র আৰু স্মাৰক প্ৰদানেৰে আজিৰ কবিতা’ৰ অই বঁটা প্ৰদান কৰা হয় |  শংকুসিদ্ধ নাথে বটাঁ লাভ কৰাৰ খৱৰে সাহিত্যনুৰাগীসকল উৎফুল্লিত হোৱাৰ লগতে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছে |

Leave A Reply