Breaking

পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জনৰ মৃত্যু

0 1,211

দৈনন্দিন বাৰ্তা ডেস্ক : পঞ্জাৱত বিষাক্ত মদ পান কৰি ২১ জন লোকৰ মৃত্যু হৈছে৷ অমৃতসৰত বুধবাৰে ৰাতি প্ৰথমে ৫জনৰ মৃত্যুৰ খবৰ আহিছিল৷ কিন্তু ইয়াৰ পাছত গুৰুদাসপুৰ আৰু তৰণ তাৰণ জিলাৰ পৰা বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা আহি আছে৷ শুকুৰবাৰে ৰাতি পঞ্জাৱৰ তিনিখন জিলাত বিষাক্ত মদ পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ২১ জন হৈছেগৈ৷ আনহাতে চিকিৎসালয়ত কেইবাজনো সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ এই ঘটনাৰ তদন্ত নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে৷ মুখ্যমন্ত্ৰীজনে টুইট কৰি কয় যে বিষাক্ত মদ পান কৰি মৃত্যু হোৱাৰ ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ জলন্ধৰ ডিভিজনৰ আয়ুক্তক এই তদন্ত পৰিচালনা কৰিব৷ সংশ্লিষ্ট আৰক্ষী অধীক্ষক আৰু অন্যান্য প্ৰশাসনিক বিষয়াই তেওঁক সহায় কৰিব৷ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলি তেওঁ কয়৷ আৰক্ষীৰ সূত্ৰ মতে অমৃতসৰৰ তাৰছিক্কৰ এলেকাৰ মুচল আৰু টাংড়া গাঁৱত বিষাক্ত মদ পান কৰি ৫ জনৰ মৃত্যু হোৱাৰ কথা জানিব পাৰে৷ তাৰ কেইঘণ্টামানৰ পাছত গুৰুদাসপুৰৰ বটলা চহৰ আৰু তৰণ তাৰণ জিলাৰ পৰা এই মৃত্যুৰ খবৰ আহে৷ চুলাই মদ পান কৰি এই মৃত্যু ঘটনা হৈছে বুলি ৰাইজে মত প্ৰকাশ কৰি বিক্ষোভ কৰে৷

Leave A Reply