Breaking

২৪ ঘন্টাত দেশত প্ৰায় ১.৫ লাখ লোক আক্ৰান্ত ক’ৰণাত

0 2,023

ভাৰতত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ সংখ্যা সামান্য পৰিমানে হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘন্টাত ১,৪৯,৩৯৪ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান সময়ত দেশত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪,৩৫,৫৬৯গৰাকী ৰোগী। অৱশ্যে নতুনকৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাৰ তুলনাত অধিক লোক সুস্থ হৈছে এই যোৱা ২৪ ঘন্টাৰ সময়চোৱাত।

এই সময়চোৱা ভাৰতত সুস্থ হৈছে ২৪৬৬৭৪ জন লোক। ইয়াৰ বিপৰীতে এই সময়চোৱাত দেশত সহস্ৰাধিক লোক অৰ্থাৎ ১০৭২জনে হেৰুৱাইছে প্ৰাণ। বৰ্তমান সময়লৈকে দেশত ১.৬৮ কোটিৰো অধিক লোকক দিয়া হৈছে কোভিড ভেকচিন। যোৱা ২৪ ঘন্টাত ৫৫,৫৮,৭৬০ ড’জ ভেকচিন প্ৰদান কৰা হৈছে।

Leave A Reply