Breaking

২৪ ঘন্টাত দেশত ক’ৰণাত আক্ৰান্ত ১.৭২ লাখ লোক

0 2,025

যোৱা কিছুদিনৰ পৰা দেশত নতুনকৈ ক’ৰনাত আক্ৰান্তৰ তুলনাত সুস্থ হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি  যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৭২৪৩৩ জন লোক। ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান মতে, বৰ্তমানলৈ দেশত ১৬৭.৮৭ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে।

ইফালে, ভাৰতত বৰ্তমানেও ক’ৰনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫৩৩৯২১ জন ৰোগী। আনহাতে, যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ২৫৯১০৭জন লোক। বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৫.১৪ শতাংশ। দুখৰ খবৰ যে এই সময়চোৱাত ভাৰতত ক’ৰনাত আক্ৰান্ত ১০০৮জন লোকে প্ৰাণ হেৰুৱায়।  

Leave A Reply