Breaking

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু ২৪ বছৰীয়া যুৱকৰ…

0 96

জিমত ৱৰ্কআউট কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু হয় এজন ২৪ বছৰীয়া যুৱকৰ ! হায়দৰাবাদৰ এটা জিমৰ পৰা ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা হৃদয় বিদাৰক ভিডিঅ’ য’ত জিমত ৱৰ্কআউটৰ সময়ত এজন ২৪ বছৰীয়া যুৱক ঢলি পৰে। যুৱকজন কৰ্মৰত আছিল আৰক্ষী জোৱানত ! যুৱকজনৰ মৃত্যুৰ চাঞ্চল্যকৰ মুহূৰ্ত বন্দী হৈছে জিমত সংস্থাপন কৰা চিচিটিভিত। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত বিশাল নামেৰে চিনাক্ত ২৪ বছৰীয়া এজন আৰক্ষীক পুছ আপ আৰু ষ্ট্ৰেচ কৰি থকাৰ সময়তে ঢলি পৰা দেখা গৈছে। খবৰ অনুসৰি হাৰ্ট এটেকৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ।চিচিটিভিৰ ফুটেজত বিশালক পুছ আপ সম্পূৰ্ণ কৰি জোৰেৰে কাহ মৰা দেখা গৈছে। কিছু মুহূৰ্তৰ পিছত মাটিত বহি তেওঁ ঢলি পৰে।

ৱৰ্কআউটৰ সময়ত এজন যুৱকৰ আকস্মিক মৃত্যুৰ এই চাঞ্চল্যকৰ ভিডিঅ’টোৱে ৰাইজক চিন্তিত কৰি তুলিছে। জিমত ৱৰ্কআউট চেচনৰ সময়ত মৃত্যু হোৱাটো এইটোৱেই প্ৰথম নহয়। যোৱা বছৰ বিখ্যাত টিভি অভিনেতা, সিদ্ধান্ত সূৰ্যবংশীৰ শাৰীৰিক প্ৰশিক্ষণৰ সময়ত হাৰ্ট এটেকত মৃত্যু হৈছিল। জিমত ৱৰ্কআউট কৰি থাকোঁতে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ ব্যাপক হাৰ্ট এটেকত মৃত্যু হোৱাৰ কেইসপ্তাহমানৰ পিছত এই কথা প্ৰকাশ পাইছে। এয়াই নহয়, ছলমান খানৰ ৫০ বছৰীয়া বডি ডাবল সাগৰ ওয়াণ্ডেইও জিম ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হয়। ২০২১ চনৰ ২৯ অক্টোবৰত ৱৰ্কআউটৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ দক্ষিণৰ ছুপাৰষ্টাৰ পুনেচ ৰাজকুমাৰৰ মৃত্যু হয়। দিনক দিনে হাৰ্ট এটেকট মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িছে।

Leave A Reply