Breaking

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা

0 1,549

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা। তথ্য অনুসৰি, ভাৰতত ২০১৭ পৰা ২০১৯ৰ সময়ছােৱাত অর্থাৎ দুবছৰত ১৪-১৮ বছৰ বয়সৰ ২৪,০০০ ৰাে অধিক কিশোৰৰে আত্মহত্যা কৰিছিল।

এইসকল আত্মহননকাৰীৰ চাৰি হেজাৰৰাে অধিকে পৰীক্ষাত ব্যর্থ হােৱাৰ কাৰণত নিজৰ জীৱন শেষ কৰিছিল। শিশুৰ আত্মহত্যাৰ সন্দৰ্ভত নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এন চি আৰ বি)-এ অলপতে সংসদত এক প্রতিবেদন দাখিল কৰিছিল।

চৰকাৰী পৰিসংখ্যা অনুসৰি,২০১৭-১৯ৰ সময়ছােৱাত ১৪-১৮
বছৰ বয়সীয়া (১৩,৩২৫ )ছােৱালীসহ মুঠ (২৪,৫৬৮)
শিশু আৰু কিশােৰে আত্মহত্যা কৰিছিল।

২০১৭ বৰ্ষত ভাৰতত১৪-১৮ বছৰ বয়সৰ মুঠ (৮,০২৯) শিশুৱে আত্মহনন কৰিছিল।

২০১৮ত এই বয়সৰ আত্মহননকাৰীৰ সংখ্যা (৮,১৬২) লৈ বৃদ্ধি পাইছিল আৰু ২০১৯ত এই সংখ্যা ( ৮,৩৭৭ )জন। এই বয়সৰ সর্বাধিকসংখ্যক আত্মহত্যাৰ ঘটনা দেশৰ মধ্য প্রদেশত সংঘটিত হৈছিল।

মধ্য প্রদেশত( ৩,১১৫,) পশ্চিমবংগত (২,৮০২)মহাৰাষ্ট্ৰত (২,৫২৭ )আৰু তামিলনাড়ুত (২,০৩৫) জন শিশুৱে উক্ত সময়ত আত্মহত্যা কৰিছিল। সৰহসংখ্যক শিশুৰ আত্মহত্যাৰ কাৰণ আছিল পৰীক্ষাত বিফলতা। প্রেমজনিত কাৰণত (৩,৩১৫) স্বাস্থ্যজনিত কাৰণত ২,৫৬৭ আৰু যৌন শােষণৰ কাৰণত ৮১ শিশুৱে আত্মহত্যা কৰিছিল। এতিয়া প্ৰশ্ন হয় এই শিশু কিশোৰৰ আত্মহত্যা কেনেদৰে ৰোধ কৰিব পাৰি , সমাজৰ পৰা এনেবোৰ ঘটনা কেনেদৰে নিৰ্মূল কৰিব পাৰি চৰকাৰৰ লগতে এই বিষয়ে গুৰুত্ব দিয়া উচিত ।

Leave A Reply