Breaking

সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভণিৰ দিনাই ক’ৰোনা ধৰা পৰিল ২৫ সাংসদৰ

0 1,292

দৈনন্দিন বাৰ্তা ডেস্ক : কঠোৰ সুৰক্ষা বিধিৰ মাজত সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ল ৷ এই অধিবেশনত ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থাত ক্ৰুটি ৰখা নাই ৷ কিন্তু অধিবেশনৰ প্ৰথম দিনাই ২৫ জন সাংসদৰ ক’ৰোনা ৰিপৰ্ট আহিল পজিটিভ ৷ এই অধিবেশনত অংশ লোৱাৰ আগতে সাংসদসকলৰ ক’ৰোনা পৰীক্ষা কৰাৰ অনুৰোধ কৰা হয় ৷ ১২ ছেপ্টেম্বৰত সংসদ ভৱনত ক’ৰোনা পৰীক্ষা কৰা হয় ৷ তাতেই ধৰা পৰে ২৫ গৰাকী সাংসদ ক’ৰোনাত আক্ৰান্ত ৷ তাৰে ১৭ গৰাকী লোকসভাৰ আৰু আঠগৰাকী ৰাজ্যসভাৰ ৷ সংসদৰ কৰ্মী, আমোলা মিলি মুঠ ৫৬ জনৰ ৰিপৰ্ট আহিল পজিটিভ ৷ আক্ৰান্তসকলৰ ভিতৰত বিজেপিৰ সাংসদৰ সংখ্যা অধিক ৷ ১২ গৰাকী বিজেপি সাংসদ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ দুগৰাকী ৱাইএছআৰ কংগ্ৰেছ, বাকী তিনিগৰাকীৰ এগৰাকী শিৱ সেনা, এগৰাকীআৰএলপি আৰু এগৰাকী ডিএমকেৰ সদস্য ৷ উল্লেখ্য যে বিজেপিৰ সাংসদ মীনাক্ষী লেখি আৰু সুকান্ত মজুমদাৰে টুইট কৰি নিজে ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা জনাইছে ৷ লোকসভা আৰু ৰাজ্যসভা মিলি মুঠ সাংসদৰ সংখ্যা হ’ল ৭৬৫ গৰাকী ৷ তাৰ মাজত ২০০ গৰাকীৰ বয়স ৬৫ বছৰৰ অধিক ৷ এই সাংসদসকলৰ বিপদ সকলোতকৈ বেছি ৷ ইতিমধ্যে দেশৰ সাতগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ২৫ গৰাকী সাংসদ, বিধায়ক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ এইবাৰ ক’ৰোনা সংক্রমণৰ বাবে সংসদৰ অধিবেশনত তীক্ষ্ণ নজৰ দিয়া হৈছে ৷ সাংসদ বহাৰ ক্ষেত্ৰত দূৰত্ব বিধি বজাই ৰখা হৈছে ৷ পলি কার্বন শ্বিট পৃথক কৰা হৈছে ৷ ম’বাইল এপৰ জৰিয়তে উপস্থিতি নথিভুক্ত কৰিছে সাংসদৰ ৷

Leave A Reply