Breaking

বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো পতন ঘটা ৩টা ক্ৰিকেটৰ দল…

0 63

বিশ্ব চেম্পিয়ন হোৱাটো বিশ্বৰ প্ৰতিটো ক্ৰিকেট দলৰ সপোন। অৱশ্যে সকলো দলেই এই কৃতিত্ব অৰ্জন কৰিব নোৱাৰে। বৰ্তমান ক্ৰিকেট জগতত তিনিটা শীৰ্ষ ট্ৰফী আছে, আৰু সেইসমূহ হ’ল – আইচিচি টি-২০ বিশ্বকাপ, আইচিচি ক্ৰিকেট বিশ্বকাপ আৰু আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ।কেতিয়াবা এই তিনিখন প্ৰতিযোগিতাৰ যিকোনো এখনৰ চেম্পিয়ন হ’লে দলটোৱে তেওঁলোকক বিশ্বৰ শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ ফলত তেওঁলোকে আত্মবিশ্বাস লাভ কৰে আৰু তাৰ পিছত তেওঁলোকে আৰু কেইবছৰমানৰ বাবে আধিপত্য বিস্তাৰ কৰে।

আনহাতে, এনেবোৰ দৃষ্টান্তও দেখা গৈছে যেতিয়া এটা দলে বিশ্ব চেম্পিয়ন হৈছিল তাৰপিছতো পতন ঘটিছিল এই দল সমূহৰ।

১/ আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়ন হোৱাৰ পিছত নিউজিলেণ্ড
নিউজিলেণ্ডে ২০২১ চনত ভাৰতক পৰাস্ত কৰি উদ্বোধনী WTC চেম্পিয়ন হিচাপে পৰিগণিত হয়। অৱশ্যে তেতিয়াৰ পৰাই তেওঁলোকে টেষ্ট ক্ৰিকেটত সংগ্ৰাম কৰি আহিছে। বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা পৰাজয়ৰ লগতে ভাৰতৰ বিৰুদ্ধেও বিদেশত শৃংখলাত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলি থকা চক্ৰত আৰু এটা ছিৰিজ বাকী থাকিলেও ইতিমধ্যে ডব্লিউ টি চি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে ডিফেণ্ডিং চেম্পিয়ন দলটোৱে।

২/ ২০১৪ চনত টি-২০ ডব্লিউ চি চেম্পিয়ন হোৱাৰ পিছত শ্ৰীলংকা
২০১৪ চনত শ্ৰীলংকাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ খিতাপ দখল কৰিছিল।কিন্তু সেই প্ৰতিযোগিতাৰ পিছত কুমাৰ সাংগাকাৰা আৰু মহেলা জয়ৱৰ্ধনে আৰু কেতিয়াও টি-২০ খেলিব নোৱাৰিলে। ইয়াৰ ফলত শ্ৰীলংকাৰ পতন আৰম্ভ হৈছিল কাৰণ ২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছুপাৰ ১০ত বাহিৰ হৈছিল আৰু তাৰ পিছত পৰৱৰ্তী দুটা টি-২০ বিশ্বকাপৰ বাবে কোৱালিফায়াৰ খেলিবলগীয়া হৈছিল।

৩/ ২০১১ চনৰ WC ৰ পিছত ভাৰত
২০১১ চনৰ ডব্লিউ চিৰ পিছত ভাৰতে ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ লগতে ২০১২ চনত চিবি ছিৰিজৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল।২০১২ চনৰ এছিয়া কাপতো বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত হৈ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। দলটোৰ কিছু পৰিৱৰ্তনৰ পিছত ভাৰতে উভতি আহি ২০১৩ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰে।

Leave A Reply