Breaking

ধনশ্ৰীঘাটৰ বৰঝাৰ আশ্ৰমত ওদালগুৰি জিলা বিজেপিৰ ৩দিনীয়া প্ৰশিক্ষণ কৰ্মশালা সমাপ্ত

0 2,226

প্ৰত্যেক বছৰে বিজেপি দলে নিজ দলৰ  দলীয় কাৰ্য্যকর্তা সকলক প্ৰশিক্ষণ দি অহাৰ সমান্তৰালকৈ এই বছৰো ৰাজ্যৰ ৪০ খন সাংগঠনিক জিলাৰ দলীয় বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তা সকলক প্ৰশিক্ষণ দিয়াৰ নিমিত্তে জিলা সমূহত তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । যোৱা ২২ নবেম্বৰৰ পৰা তিনি দিনিয়াকৈ অনুষ্ঠিত হোৱা ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সফল পৰিসমাপ্তি ঘটে। ওদালগুৰি জিলা বিজেপিৰ নৱ গঠিত সমিতি খনক বিবেকৰ দ্বাৰা পৰিচালিত হৈ মানসিক শক্তি আৰু চিন্তাৰ পৰিসৰ একত্ৰিত কৰি দলীয় কাম কৰি যাবলৈ পৰামৰ্শ প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। সোৱাৰ মনোভাৱেৰে সমান চিন্তা, সমান বিচাৰ, সমান আকাংক্ষা, সমান লক্ষ্য আৰু সমান প্ৰয়াসৰ কাম কৰিবলৈ বিজেপি কাৰ্যকৰ্তাক আহ্বান সাংসদ দিলীপ শইকীয়াৰ। দলীয় স্বাৰ্থত দূৰ্বল কাৰ্যকৰ্তাক হাতত ধৰি আগবঢ়াই নিয়াৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টিত আছে বুলি প্ৰশিক্ষণ শিবিৰৰ উপস্থিত দলীয় কাৰ্যকৰ্তাক উদ্দেশ্য বক্তব্য দাঙি ধৰে। বিজেপি কাৰ্যকৰ্তা সকলৰ উত্তৰণৰ প্ৰক্ৰিয়া আৰু ব্যক্তিত্ব নিৰ্মাণৰ বাবে প্ৰশিক্ষণ শিবিৰ প্ৰয়োজন আছিল, প্ৰয়োজন আছে আৰু প্ৰয়োজন থাকিব বুলি মন্তব্য প্ৰদান কৰে। বিজেপি দলৰ কাৰ্যকৰ্তা সকলে যদি প্ৰশিক্ষণ গ্ৰহণ কৰি আহৰণ কৰা শিক্ষা সমাজৰ মাজত বিলাই দিয়ে তেন্তে দলত ১০০ গৰাকী নতুন কাৰ্যকৰ্তা সৃষ্টি হ’ব বুলি প্ৰশিক্ষণ শিবিৰত উপস্থিত দলীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰে। প্ৰশিক্ষণ শিবিৰৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। দিল্লীত কৃষক আন্দোলন সফল হোৱাৰ পাছতে অসমত পুনৰ উমি উমি জ্বলিছে ‘কা’ আন্দোলনৰ জুই। ৰাজ্যত পুনৰ ‘কা’ আন্দোলন হ’ব লাগে বুলি প্রথম মাতষাৰ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কৃষক নেতাক কাৰাৰুদ্ধ কৰা আৰু আন্দোলনৰ নেতৃত্ব দুৰ্বল হোৱাৰ বাবে ‘কা’ আন্দোলন স্তিমিত হোৱাৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে। জাতিৰ স্বাৰ্থত বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু বুলি মন্তব্য প্ৰদান কৰিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ দিলীপ শইকীয়াই তেওঁ কয় যে “অখিল গগৈয়ে আন্দোলন অবিহনে জীয়াই থাকিব নোৱাৰে। অখিল গগৈ আন্দোলনজীৱি তেওঁৰ আন্দোলন নহলে উশাহ-নিশাহ বন্ধ হৈ যায়। তেওঁ আন্দোলন কৰিয়েই বিধায়ক হ’ল” বুলি কটাক্ষ কৰে অখিল গগৈক। লগতে দিশপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লাখ লাখ টকা খৰচ কৰি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ সমালোচনাত সৰৱ বিৰোধী।কাৰোবাৰ মতে পিকনিক, কাৰোবাৰ মতে চাহ-ভাত খোৱা সভা। সোঁতৰ বিপৰীতে এনে সিদ্ধান্ত কিয় লৈছে চৰকাৰে তাক লৈ বিৰোধীৰ প্ৰশ্ন। কেবিনেট বৈঠক সন্দৰ্ভত বিৰোধীয়ে কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত সাংসদ গৰাকীয়ে কয় চৰকাৰখন ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে কেবিনেট বৈঠক দিশপুৰৰ বাহিৰত অনুষ্ঠিত কৰা হৈছে। ভেকুঁভাওনালৈ পৰিণত হোৱা কংগ্ৰেছৰ শ্লগান ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ প্ৰকৃতাৰ্থত বিজেপিয়ে হে বাস্তবায়িত কৰিছে। ইয়াৰ উপৰিও মাজুলি  বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত কোনো আলোচনা হোৱা নাই। উপযুক্ত সময়ত দলে উপযুক্ত প্ৰাৰ্থী প্ৰদান কৰি বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ লগতে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মাজুলীৰে স্থানীয় কোনো এজনে প্ৰাৰ্থী হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে‌ সাংসদ দিলীপ শইকীয়াই। ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠানত জিলা বিজেপিৰ সমূহ বিষয়ববীয়া জেষ্ঠ কাৰ্য্যকর্তা সকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে তিনি দিনৰ ভিতৰত ১৫ টা কৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰোৱা হয় । উক্ত প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত কাৰ্য্যকর্তা সকলক দলীয় দিশত মাৰ্গদৰ্শন কৰিবলৈ ১৫ জনকৈ সমল ব্যক্তিক আমন্ত্ৰণ কৰি অনা হৈছিল । প্ৰত্যেক জন সমল ব্যক্তিয়ে নিজ নিজ দায়িত্ব অনুযায়ী দলৰ সাংগঠনিক দিশ সক্ৰিয় কৰাৰ স্বাৰ্থত জিলা নেতৃবৰ্গক উদ্দেশ্যি  অতিকমেও ১ ঘণ্টাকৈ নিজৰ মন্তব্য প্ৰদান কৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা , ৰাজ্যিক বিজেপিৰ সদস্য জিতু কিষান , প্ৰদীপ ৰাভা , আশুতোষ চৌধুৰী , পুস্পধৰ  শৰ্মা , জয়কান্ত শৰ্মা , নয়ন মল্ল বুজৰ বৰুৱা , জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী , এম চি এল এ অপৰ্ণা মেধি , বিকণ ডেকা , লগতে কেইবাজনো সমল ব্যক্তি ।  ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত  মাজবাটৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত অনুষ্ঠিত হোৱা উক্ত উল্লেখযোগ্য প্ৰশিক্ষণ বৰ্গত জিলা প্ৰভাৰী প্ৰাণ কুমাৰ দাস , বৰ্গৰ বৰ্গাধিকাৰী খগেন নাৰ্জাৰী ,পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দ্বীপক মৌৰ , প্ৰাচুৰ্য দাসকে আদি কৰি জিলা সভাপতি সম্পাদক কে আদি কৰি দলীয় বহু কাৰ্য্যকর্তা উপস্থিত থাকে । তদুপৰি  তপন চৰকাৰ , জীৱন ডেকা ,বনলতা শৰ্মা , পদুমী মহানন্দ , অতুল কোচ , দিব্যজ্যোতি শইকীয়া ,  ৰঞ্জন ডেকা , সমৰ হাজৰিকা , মিন্টু নাথ , কিশোৰ বায়ন , জয়কান্ত শৰ্মা , ৰবীন দৈমাৰী , হোম গৌতম , ক্ষীতেশ সেন  আদি কাৰ্যকৰ্তা উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷

Leave A Reply