Breaking

অযোধ্যাত আটক ৩ জন সন্দেহজনক লোকক…

0 43

অযোধ্যাৰ পৰা আটক কৰা হৈছে ৩ জন সন্দেহযুক্ত লোকক। ইউ পি এ টি এছে জেৰা অব্যাহত ৰাখিছে। অৱশ্যে কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নেকি, সেই কথা এতিয়াও পোহৰলৈ অহা নাই। ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া ৰাম লালা প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ইউ পি এ টি এছে ৩ জন সন্দেহযুক্ত লোকক আটক কৰি ৰাখিছে। কানাডাত নিহত হোৱা সুখা ডাংকে আৰু আৰ্ছ ডাল্লাৰ চক্ৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক থকাৰ সন্দেহ। বৰ্তমান ইউ পি-এ টি এছ আৰু চোৰাংচোৱা সংস্থাসমূহে তদন্ত কৰি আছে।


আপোনালোকক কওঁ যে ধৃত তিনিজন সন্দেহযুক্ত লোকৰ ভিতৰত এজন ৰাজস্থানৰ বাসিন্দা ধৰ্মবীৰ বুলি চিনাক্ত কৰা হৈছে। জেৰাৰ অন্তত তেওঁৰ দুই সহযোগীকো আটক কৰা হৈছে।

উল্লেখযোগ্য যে অযোধ্যাৰ নিৰাপত্তা অতি কটকটীয়া। ইয়াৰ বাহিৰেও ২০ জানুৱাৰীৰ পৰা লক্ষ্ণৌ বিমানবন্দৰত ভিজিটৰ পাছ উপলব্ধ নহ’ব। নিৰাপত্তাৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছে। অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। বিমানবন্দৰলৈ অহা-যোৱা কৰা যাত্ৰীসকলৰ নিৰাপত্তা পৰীক্ষাও বৃদ্ধি পাইছে। শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অহা বিশেষ অতিথিৰ আগমনৰ কথা মনত ৰাখি নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। বিমানবন্দৰটো হাই এলাৰ্টত।

Leave A Reply