Breaking

আগন্তুক শিক্ষাবৰ্ষত ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চিবিএছইৰ ৷

0 1,060

দৈনন্দিন বাৰ্তা ডেস্ক :

অহা ২০২০–২১ বৰ্ষৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০ শতাংশ কমাইছে চিবিএছইয়ে ৷ মঙলবাৰে এই কথা ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হয় ৷ মহামাৰীৰ ফলত এই বছৰ পাঠ্যক্ৰমত হেঙাৰ সৃষ্টি হৈছে ৷ সেয়া পুৰণৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকই কয় যে দেশ আৰু বিশ্বৰ অস্বাভাৱিক পৰিস্থিতিৰ বাবে চিবিএছইক পাঠ্যক্ৰম পুনৰ বিবেচনা কৰিবলৈ কোৱা হৈছিল ৷ যাতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমে ৷ ইপিনে চিবিএছইয়ে জনায় যে পঢ়াশুনাৰ মাত্ৰাৰ গুৰুত্ব বুজি পাঠ্যক্ৰম কমোৱা হৈছে ৷ এই পাঠ্যক্ৰমত বিকল্প শিক্ষা কেলেণ্ডাৰ আৰু এনচিইআৰটিৰ কিছু বিষয় থাকিব পাৰে ৷ মন্ত্ৰীজনে লগতে জনায় যে দেশৰ ১৫০০ জন শিক্ষাবিদৰ পৰামৰ্শ আৰু আবেদন পোৱা গৈছিল ৷ যাতে এই বছৰৰ পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ অৰ্থে আগন্তুক শিক্ষা বৰ্ষৰ পাঠ্যক্ৰম কমোৱা হয় ৷ আনকি দিল্লীৰ উপ মুখ্যমন্ত্রী মণীছ শিছোদিয়াই যোৱা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰীক ৩০ শতাংশ পাঠ্যক্ৰম কমাবলৈ আবেদন কৰিছিল ৷ সকলো বিবেচনা কৰি চিবিএছইক এই পৰামৰ্শ দিয়ে৷ যাৰ ফলত এই সিদ্ধান্ত লয় চিবিএছই ব’ৰ্ডে ৷

Leave A Reply