Breaking

ধানৰ বস্তাত উদ্ধাৰ ৩১ কেজি গাঞ্জা : এজনক আটক:

0 1,220

ন ন কৌশল অৱলম্বন কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা চক্ৰৰ  বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে অসম  আৰক্ষীৰ লগতে দৰং আৰক্ষীও । তেনে চক্ৰৰ বিৰুদ্ধে  অব্যাহত  আছে  দৰং  আৰক্ষীৰ অভিযান । জানিব পৰা মতে মঙ্গলবাৰৰ  নিশাৰ এক  অভিযানত  ধূলাত উদ্ধাৰ হয়  বৃহৎ পৰিমাণৰ গাঞ্জা । দৰঙৰ আৰক্ষী অধীক্ষকৰ  নিৰ্দেশ মৰ্মে  উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত  ধূলা আৰক্ষীৰ সহযোগত নিশা নাকা তালাচী  চলায় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। তালাচীত  ধূলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত  এখন  গাড়ীৰ পৰা  বৃহৎ পৰিমাণৰ গাঞ্জা  সহ এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৰ। মালবাহী  টেম্পো গাড়ী এখনত ধানৰ বস্তাৰ মাজত ভৰাই লৈ গৈ থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ  গাঞ্জা খিনি ।  ছয়টা  ধানৰ  বস্তাৰ মাজৰ   পৰা  ৬টা টোপোলাত সৰ্বমুঠ ৩১ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ  লগতে গৌতম সিনহা নামৰ লোক এজনক আটক কৰে অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ধূলা  থানাত  ২২৮/২১ নম্বৰত এন ডি পি এছ আইনৰ ২০(b)(ii)(c) ধাৰাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Leave A Reply