Breaking

তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি, ৰাভা হাছং ক্ৰীড়া সন্থালৈ চেম্পিয়নৰ খিতাপ

0 54

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২১ জুনৰ পৰা দুধনৈ উদয়পুৰ ৰাজহুৱা খেলপথাৰত আৰম্ভ হোৱা তৃতীয় বাৰ্ষিক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰু ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতা (লৰা-ছোৱালী)ৰ শনিবাৰে সফল সামৰণি পৰে৷

পুৰুষ আৰু মহিলাৰ কেবাটাও দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ বহুসংখ্যক খেলপ্ৰেমী ৰাইজৰ উপস্থিতিত শনিবাৰে বিয়লি চাৰি বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখন ৰাভা হাছং ক্ৰীড়া সন্থা আৰু মোৱামাৰী ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।

তীব্ৰ প্ৰতিদ্বন্দিতামুলক খেলখনৰ প্ৰথমাৰ্ধত গল শূন্য হোৱাৰ পিছত খেলৰ দ্বিতীয়াৰ্ধত ৰাভা হাছং ক্ৰীড়া সন্থাই মোৱামাৰী ফুটবল দলক ১-০ গলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ লাভ কৰে।

প্ৰতিযোগিতাৰ সৰ্বোচ্চ গল দাতা চিচাং মোমিন আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চিৰঞ্জীত ৰাভাই ৷

চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱশীষ ৰায়ে। আনহাতে প্ৰতিযোগিতাৰ আৰম্ভনিতে ৰাভা হাছং মহিলা ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন গোৱালপাৰা মহিলা ফুটবল দল আৰু শালপাৰা মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

চূড়ান্ত খেলত ট্ৰাইবেকাৰৰ জৰিয়তে গোৱালপাৰা মহিলা ফুটবল দলটিয়ে চুড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে।

মহিলাৰ সৰ্বোচ্চ গলদাতা পখিলা বড়ো আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চামিয়া মাৰাকে।


প্ৰতিযোগিতাৰ অন্তত পুৰুষ মহিলা দুয়োটা বিভাগৰ চেম্পিয়ন আৰু ৰাণাৰ্চ আপৰ বঁটা সমুহ প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, উপাধ্যক্ষ ৰমা কান্ত ৰাভা পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য, নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাৰ উপৰিও কেবা গৰাকী বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্বই।

চুড়ান্ত খেলখনত বহু সংখ্যক খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে৷

Leave A Reply