Breaking

৬৪ বছৰৰ পিছত গুৱাহাটীত ৪০.১ ডিগ্ৰী চেলছিয়াছ ! মে’ মাহত সৰ্বোচ্চ তাপমাত্ৰাৰ ৰেকৰ্ড…

0 29

উত্তৰ-পূব ভাৰতৰ কেইবাখনো ৰাজ্য গৰমৰ ঢৌত জ্বলি আছে। বৰ্তমান অসমৰ গুৱাহাটীকে ধৰি প্ৰায়সংখ্যক অঞ্চল গৰমত জ্বলি আছে।

পুৱা ১০:৪১ বজাত গুৱাহাটী মহানগৰীত শনিবাৰে ১৯৬০ চনৰ পিছত মে’ মাহত সৰ্বোচ্চ উষ্ণতা ৪০.১ ডিগ্ৰী চেলছিয়াছ হোৱা বুলি জানিব পৰা গৈছে।

স্বাভাৱিক উষ্ণতাৰ পৰা ৮ ডিগ্ৰী চেলছিয়াছৰ বিচ্যুতি আছিল। ১৯৬০ চনৰ ১ মে’ত গুৱাহাটীত সৰ্বোচ্চ উষ্ণতা ৪০.৩ ডিগ্ৰী চেলছিয়াছ হৈছিল। শনিবাৰে আই এম ডিয়ে যোৱা কিছু বছৰত অসমৰ বাবে প্ৰথমটো গৰমৰ তৰংগ সতৰ্কবাণী জাৰি কৰে।

Leave A Reply