Breaking

শিমলুগুৰিত শ্ৰমিক এক্সপ্ৰেছত চাৰি জিলাৰ ৪১ যাত্ৰীৰ আগমন

0 37

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শিমলুগুৰিৰ ৰে’লৱে জংচনত আজি বিয়লি প্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ পৰা শ্ৰমিক এক্সপ্ৰেছ যোগেদি অহা ৪১ গৰাকী যাত্ৰীক নমোৱাৰ পাছত কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা হয় ৷ যোৱা দুই-তিনি দিন ধৰি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ব্যাপক প্ৰস্ততি চলোৱাৰ অন্তত বিয়লি ৩ বজাত চেন্নাইৰ পৰা অহা শ্ৰমিক এক্সপ্ৰেছৰ যোগেদি শিমলুগুৰিত শিৱসাগৰ জিলাৰ ৭ গৰাকী, চৰাইদেউ জিলাৰ ৩১ গৰাকী, ডিব্ৰুগড় জিলাৰ ২ গৰাকী আৰু তিনিচুকীয়াৰ ১ গৰাকী যাত্ৰী নামে৷ শিমলুগুৰিত স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ নাজিৰাৰ দুজনক গড়গাঁও মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ, শিৱসাগৰৰ ৫ গৰাকীক শিৱসাগৰৰ আৰু চৰাইদেউৰ ৩১ গৰাকীক নিজ নিজ জিলাৰ প্ৰতিনিধিৰ যোগেদি কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱাৰ লগতে বাকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ কেইজনক উক্ত জিলালৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰা হয়৷ আজি শিমলুগুৰিৰ ৰে’লৱে জংচনত মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে সম্পূৰ্ণ তদাৰক কৰাৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক উপস্থিত থাকে৷ আনহাতে নাজিৰা মহকুমা কোৱাৰেণ্টাইন তদাৰকী কমিটিৰ সভাপতি বিধায়ক দেবব্ৰত শইকীয়া, উপাধ্যক্ষ ময়ুৰ বৰগোহাঁই, উপদেষ্টা প্ৰহ্লাদ গোৱালা প্ৰমুখ্যে মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰ  উপস্থিত থাকে৷ আনহাতে নাজিৰাৰ গড়গাঁও মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত কালি সন্ধিয়া পৰ্যন্ত ৪৪ গৰাকী ব্যক্তি কোৱাৰেণ্টাইনত আছিল আৰু ১২ গৰাকীক ঘৰলৈ পঠোৱাৰ ব্যবস্থা কৰা হয় বুলি জানিব পৰা গৈছে।

Leave A Reply