ডিৰাক সীমান্ত, ২৭ নৱেম্বৰ: সদৌ টাকাম মিচিং পৰিং কেবাং চমুকৈ টি এম পি কেৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ডুমডুমা-ফিল’বাৰী আঞ্চলিক সমিতিয়ে ১৬ অক্টোবৰ পৰা আয়োজন কৰা প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে । প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰে জাগুন চাইনাকি এফ চি বনাম বৰডুবী এফ চি, ফিল’বাৰী। প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি দলে বৰডুবী এফ চি ফিল’বাৰী দলক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেম্পিয়ন হয়। জাগুন চাইনাকি এফ চি দলৰ হৈ অজয় পেগুৱে ৪০ আৰু ৬৫ মিনিটত গ’ল দি দলক জয়ী কৰোৱাই। দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদোধন কৰে মিছিং বানে কাবাংৰ ৰাজেন চন্দ্ৰ নৰহে। দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিৰ আগমুহুৰ্তত সদ্য প্ৰয়াত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ব বিখ্যাত ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ শতগতি বাবে এক মিনিট মৌন প্ৰাথনা জনোৱা লগতে ডিয়াগো মাৰাডোনাৰ প্ৰতি সন্মান জনাই ফাইনেল খেলত ১০ নম্বৰ জাৰ্ছি পৰিধান নকৰে দুয়োটা দলৰ খেলুৱৈ সকলে। দিবা নৈশ ফাইনেল খেলত উপস্থিত থাকে ফিল’বাৰী আৰক্ষী থানাৰ প্ৰভাৰী, ফিল’বাৰী সেনা চাৱনীৰ বিষয়া, টি এম পি কে জিলা সমিতিৰ সভাপতি চুচেন দলে, সম্পাদক গৌৰৱ পাদুন, সহকাৰী সম্পাদক অজয় দলে, আঞ্চলিক সভাপতি প্ৰাঞ্জল কছাৰী, সম্পাদক শচীন পাদুন, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ, ফিল’বাৰী ক্ৰীড়া সন্থাৰ সভাপতি কুলেশ্বৰ ফুকন , সম্পাদক সঞ্জিৱ বৰা, সাংবাদিক পুস্পধৰ মৰাণ লগতে কেইবাগৰাকী অতিথি উপস্থিত থাকে। দিবা নৈশ ফুটবল ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে জাগুন চাইনাকি দলৰ অজয় পেগুৱে।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ঘাই পথ অৱৰোধেৰে শিৱসাগৰ কপাঁলে আছুৱে-ঘাইপথ প্ৰাধীকৰণৰ শীৰ্ষ বিষয়াৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ
- শ্বাহিদ আচৰিত হৈছিল যেতিয়া মীৰা ৰাজপুতে তেওঁৰ যৌন জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল
- শাকিৰাৰ ‘ৱাকা ৱাকা’ গানত কঁকাল ভাঙি ভাঙি নৃত্য কৰিলে এগৰাকী বৃদ্ধই।কিন্তু কিয়? ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ল ভিডিঅ’
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ